প্ৰকাশ ঝাই পতা ‘পৰীক্ষা’ত আদিল হুছেইন : ‘জি-৫’ত চাওক ফলাফল

মুম্বাই : অসমৰ যশস্বী অভিনেতা আদিল হুছেইন অভিনীত প্ৰকাশ ঝাৰ নতুন ছবি ‘পৰীক্ষা’ই মুক্তি লাভ কৰিলে। এতিয়া সৰ্বত্ৰই প্ৰশংসিত হৈছে তাৰকা অভিনেতা আদিল হুছেইনৰ সৰল কিন্তু অসাধাৰণ অভিনয়। অনলাইন প্লেটফৰ্ম ‘জি-৫’ত মুক্তিলাভ কৰিছে এই ছবিখনে। সমাজৰ শ্ৰেণীগত বৈষম্য আৰু ধনী-দুখীয়াৰ মাজৰ আজিও প্ৰায় অভেদ্য বিভাজনক তুলি ধৰা এই ছবিখনৰ কেন্দ্ৰীয় তিনিটা চৰিত্ৰ বুচি, তেওঁৰ পত্নী আৰু বুলবুলৰ চৰিত্ৰত অভিনয় কৰিছে আদিল হুছেইন, প্ৰিয়ংকা বোস আৰু শুভমে। এটা গুৰুত্বপূৰ্ণ চৰিত্ৰৰ অভিনয় কৰিছে সঞ্জয় সুৰীয়ে।

আৰু পঢ়িব পাৰিব: গৰু পালন কৰি স্বাৱলম্বী গহপুৰৰ যুৱক

বুচি নামৰ ৰিক্সাচালকজনে সদায় এখন ব্যক্তিগত খণ্ডৰ অভিজাত স্কুলৰ একাংশ শিক্ষাৰ্থীক অনা-নিয়া কৰে। নিজৰ মেধাৱী পুত্ৰৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে বুচিয়ে ‘ছাফিৰে ইণ্টাৰেনচনেল স্কুল’ত তেওঁৰ পুত্ৰ বুলবুলকো পঢ়োৱাৰ সপোন দেখে। স্বাভাৱিকতেই এজন ৰিক্সাচালকৰ বাবে পুত্ৰক এনে এখন অভিজাত স্কুলত নামভৰ্তি কৰোঁৱাৰ সপোন সহজ নহয়। আৰ্থিক প্ৰতিবন্ধকতাক কথমপি জয় কৰাৰ পাছতো শ্ৰেণীগত বৈষম্যই কিদৰে বুলবুলৰ সাফল্যৰ বাট ৰুদ্ধ কৰাৰ উপক্ৰম ঘটায় আৰু ইয়াৰ সৈতে সাধাৰণ পৰিয়ালটোৱে কিদৰে মোকাবিলা কৰে তাৰেই কাহিনীৰে নিৰ্মাণ হৈছে ‘পৰীক্ষা’।

আৰু পঢ়িব পাৰিব: ‘কাহানী ঘৰ ঘৰ কী’ৰ জনপ্ৰিয় অভিনেতাৰ মৃতদেহ উদ্ধাৰ মুম্বাইৰ বাসগৃহত

বুলবুলৰ বাটৰ কাঁইট গুচোৱাৰ পৰীক্ষাত বুচি সফল হ’ল নে নাই, কিদৰে এই মেধাৱী দৰিদ্ৰ শিক্ষাৰ্থীজনে কালৰ প্ৰতিবন্ধকক জয় কৰিবলৈ সক্ষম হ’ল তাক জানিবলৈ প্ৰকাশ ঝাৰ এই সুন্দৰ ছবিখন চাবই লাগিব। ছবিখনে সাংঘাটিত নতুনত্ব কঢ়িয়াই অনা বুলি দাবী কৰিব নোৱাৰিলেও উপভোগ্যতাৰ দিশৰ পৰা ইয়াক চলচ্চিত্ৰ সমালোচকসকলে সফল ছবি আখ্যা দিছে। ইয়াৰ বাবে আদিল হুছেইন আপাতঃ সৰল কিন্তু দৃঢ়তাপূৰ্ণ চৰিত্ৰটোৰ সফল ৰূপায়ন বিশেষভাৱে কৃতিত্বৰ পাত্ৰ। একেদৰে সঞ্জয় সুৰীৰ চৰিত্ৰটোৱেও ছবিখনলৈ কঢ়িয়াই আনিছে গতিশীলতা।

আৰু পঢ়িব পাৰিব: শ্বেইক্সপীয়েৰিয়ান পণ্ডিত অমৰেশ দত্তৰ মৃত্যু : শতায়ু গৰকি দি গ’ল অমৰ সৃষ্টি

ইয়াৰ পূৰ্বেও প্ৰকাশ ঝাই ‘আৰক্ষণ’ৰ দৰে শিক্ষাকেন্দ্ৰিক ছবি নিৰ্মাণ কৰিছিল। অৱশ্যে, এই ছবিখনৰ নামটোৱে ইংগিত কৰাৰ দৰে ইয়াত শিক্ষা ব্যৱস্থাকেন্দ্ৰিক কথা-বতৰাতকৈ শ্ৰেণী বৈষম্যৰ কাহিনীয়েহে অধিক গুৰুত্ব লাভ কৰিছে। সেয়া যিয়েই নহওক, আদিল হুছেইনৰ দুৰ্দান্ত অভিনয়ে জীৱন্ত কৰি তোলা, সাধাৰণ মানুহৰ জীৱনৰ জীয়া কাহিনীৰ উদ্ভাসন ঘটা এই ছবিখন নিসন্দেহে এখন উপভোগ্য ছবি। ‘জি-৫’ত মাত্ৰ ৯৯ টকাৰৰ ছাবস্ক্ৰিপচনেৰে এই ছবিখন সকলোৱে উপভোগ কৰিব পাৰে। ৰাঁচীৰ বিভিন্ন থিয়েটাৰৰ পৰা নিৰ্বাচন কৰা সহযোগী অভিনেতাসকলৰ চমৎকাৰিত্বপূৰ্ণ অংশগ্ৰহণেও ছবিখন দিছে পৰিপূৰ্ণতা।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES