প্ৰেমৰ পৰিণতি : চি আই ডি বিষয়াই বিয়াত বহিবলৈ আহি সোমাল ৰঙা ঘৰত

মৰিগাঁও : মৰিগাঁও জিলাৰ এগৰাকী যুৱতীক বিয়া কৰাবলৈ আহি এজন যুৱক হ’ল ৰঙাঘৰৰ আলহী৷ নিজকে আই পি এছ বিষয়া হিচাপে চিনাকি দি প্ৰেমৰ জালত পেলাই এগৰাকী যুৱতী বিয়া কৰাবলৈ আহিছিল যুৱকজনে৷

আৰু পঢ়িব পাৰিব : সোণাইকুছি বনাঞ্চলত দুষ্ট চক্ৰই পুখুৰী খন্দাৰ অভিযোগ স্থানীয় লোকৰ


মাজুলীৰ এ পি বেটেলিয়ানত কৰ্মৰত মৰিগাঁৱৰে এগৰাকী যুৱতীয়ে পংকজৰ সৈতে চিনাকি হৈছিল। তেঁও যুৱতীগৰাকীক নিজকে চি আই ডিৰ বিষয়া বুলি পৰিচয় দিছিল৷ ইয়াৰ পাছতে বিভিন্ন কথাৰে প্ৰেমৰ জালত পেলাইছিল যুৱতীগৰাকীক।

আৰু পঢ়িব পাৰিব : লকডাউনত নিমাওমাও গুৱাহাটী: ৰাজ্য়ত সংক্ৰমিতৰ বিপৰীতে কমিছে চিকিৎসাধীন ৰোগী


কিন্তু পৰিয়ালৰলোকৰ সৈতে চিনাকী হোৱাৰ পাছত যুৱকজনৰ ছাল চলনত কিছু সন্দেহ উপজাত বিচাৰ খোচাৰ কৰাত প্ৰকৃত তথ্য পোহৰলৈ আহে। ইয়াৰ পাছতে আজি যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীৰ লগত যোগাযোগ কৰি ভুৱা বিষয়াজনক আৰক্ষীক গতাই দিয়ে । যুৱতীগৰাকীৰ পিতৃয়ে ইতিমধ্যে এই সন্দৰ্ভত মৰিগাঁও সদৰ থানাত গোচৰ ৰুজু কৰিছে ।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES
Close
Close