বকোত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ধন আত্মসাত কৰা চাৰিজনক গ্ৰেপ্তাৰ

গুৱাহাটী: ছাত্ৰ বৃত্তিৰ নামত বিশেষকৈ সংখ্যালঘু বসতিপ্ৰধান এলেকাত সংঘটিত হৈছে ভয়াবহ কেলেংকাৰী। এনে কেলেংকাৰীত জড়িত চাৰি অপৰাধীক যোৱা নিশা গ্ৰেপ্তাৰ কৰে বকো আৰক্ষীয়ে৷ সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন আত্মসাৎ কৰা, ছাত্ৰ-ছাত্ৰীক বৃত্তি প্ৰদানৰ নামত আগতীয়াকৈ উৎকোচ সংগ্ৰহ কৰা চাৰি অপৰাধী পৰিল আৰক্ষীৰ জালত। বৃহস্পতিবাৰে নিশা বকো আৰক্ষীয়ে সোণতলী অঞ্চলৰপৰা গ্ৰেপ্তাৰ কৰে এই চাৰি অপৰাধীক।

আৰু পঢ়িব পাৰিব: ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত ৰজাঘৰে ভাবিছেনে শুৱালকুছিৰ কথা?

বকো আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে আবুশ্বামা আহমেদ, আমিৰ হামজা আলী, চাইজুদ্দিন আলী আৰু শুকুৰ আলীক। সোণতলী ৩নং ৰাঙ্গাপানী গাঁৱৰ সচেতন ব্যক্তি হজৰত আলীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দালাল চক্ৰটোক। সংখ্যালঘু ছাত্ৰ বৃত্তিৰ ধন ভুৱা একাউণ্ট খুলি এই চক্ৰটোৱে দীৰ্ঘদিন ধৰি আত্মসাৎ কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। অছাত্ৰৰ নামত ধন আৱন্টন কৰি কৌশলৰে এইকেইজন দালালে লুন্ঠন কৰিছে লাখ লাখ টকা।

আৰু পঢ়িব পাৰিব: “ৰাষ্ট্ৰীয় শিক্ষানীতিত শিক্ষক প্ৰশিক্ষণত বহুত গুৰুত্ব দিয়া হৈছে”- প্ৰধানমন্ত্ৰী মোদী

পূৰ্বে এই সংক্ৰান্তত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছিল যদিও কোনো গুৰুত্ব প্ৰদান কৰা নাছিল আৰক্ষীয়ে। শেহতীয়াভাৱে বকো আৰক্ষী থানাৰ নৱনিযুক্ত আৰক্ষী বিষয়া ৰত্নেশ্বৰ দাসে এই দিশত গুৰুত্ব প্ৰদান কৰি অভিযান চলায় দালাল চক্ৰৰ বিৰুদ্ধে। সংখ্যালঘু ছাত্ৰ বৃত্তিৰ বহু কোটি টকীয়া কেলেংকাৰীত বহুকেইজন শিক্ষকৰ নাম সাঙোৰ খাই পৰিছে। এই দিশত বকো আৰক্ষীৰ ভূমিকা লক্ষণীয় হ’ব।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES