বেংগালুৰুত হঠাৎ মৃত্যু স্বামীৰ, মৃতদেহ অসমলৈ অনাত সহায় বিচাৰিছে দুৰ্ভগীয়া পত্নী

গহপুৰ : লকডাউনৰ বাবে একাংশ দৰিদ্ৰ লোকৰ জীৱনলৈ নামি আহিছে অন্ধকাৰাচ্ছন্ন ভবিষ্যত। কৰ্মসূত্ৰে সুদূৰ বেংগালুৰুত চিকিউৰিটি গাৰ্ড হিচাপে কৰ্মৰত হেমন্ত কুমাৰ চুবেদী নামৰ লোকজনে শুক্ৰবাৰে বেংগালুৰুত হঠাৎ জ্বৰ,কাহ,উশাহ লোৱাত কষ্ট হৈ মৃত্যুক আঁকোৱালি লয়। উক্ত খবৰ পৰিয়ালৰ লোকে পোৱাৰ পাছত শোকত ভাগি পৰিছে চুবেদীৰ তিনিজনীয়া পৰিয়ালটো।

আৰু পঢ়িব পাৰিব: ৰাজ্যত আনলকৰ শেহতীয়া নিৰ্দেশনা: আজিৰেপৰা প্ৰযোজ্য এইসমূহ নতুন নিয়ম

 অতি দুখ:জনক কথা যে অসমৰ গহপুৰ স্থিত ঘৰলৈ আহিবলৈ বহু কষ্ট কৰিও ধনৰ অভাবৰ বাবে আহিব নোৱাৰিলে হেমন্ত কুমাৰ চুবেদী। লকডাউনে অমানিশা মাতি অনা এইটো পৰিয়ালত পত্নীৰ লগতে এটি বিশেষ ভাবে সক্ষম পুত্ৰ, এজনী কন্যা সন্তান৷ পিতৃ চুবেদীয়ে বাংগালুৰুত কৰা সীমিত উপাৰ্জনৰে চলাই আছিল ঘৰখন। কিন্তু লকডাউনে সকলো উপাৰ্জন বন্ধ কৰি পেলালে। যাৰ ফলত নিজৰ ঘৰখনলৈ ওভতি আহিব নোৱাৰিলে।

আৰু পঢ়িব পাৰিব: ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ অমৰ সিঙৰ ৬৪ বছৰ বয়সত মৃত্যু

টকা পৰিশোধ নকৰাৰ বাবে পৰিয়ালৰ লোকে লাভ কৰা নাই মৃত্যুৰ ৰিৰ্পট। ৰাইজে কৰ’নাত মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও বৰ্তমান প্ৰয়োজন ৮০ হাজাৰ টকা। টকা দিলেহে লাভ কৰিব ৰিৰ্পট। যাৰ ফল স্বৰূপে কি কৰিব ভাবি পাৰ পোৱা নাই পৰিয়ালটোৱে । যাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰা দুৰ্ভগীয়া পৰিয়ালটিৰ লগতে স্থানীয় ৰাইজে বিচাৰিছে সহায়ৰ হাত। যদি কোনো সদাশয় লোকে দুৰ্ভগীয়া পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্ত সহায় কৰিবলৈ DEPA DEVI SUBEDI, A/C NO-7039010005572, IFC UTBI O R R B A G B( ASSAM GRAMIN VIKASH BANK, GAMIRI BRANCH) ব্যৱহাৰ কৰিব পাৰে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES
Close
Close