বিজেপিৰ বিধায়ক আক্ৰান্ত হ’ল কৰ’নাত : কন্যাসহ মুঠ পাঁচজন পজিটিভ

বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাৰ লগতে তেওঁৰ কন্যাসহ মুঠ ৫ জন লোক আক্ৰান্ত কৰ’নাত । বিধায়ক নাৰায়ণ ডেকা আৰু কন্যা কাংশিতা ডেকাৰ লগতে গাড়ীচালক জিন্টু বৰ্মন, পি এছ অ’ সুকান্ত দাস আৰু আবজালুৰ ৰহমান আক্ৰান্ত। বিধায়ক আৱাসত থকা মুঠ ১৩ জন লোকৰ নমুনা লৈছিল যদিও কালি নমুনা পৰীক্ষাৰ ফলাফলত ৫ জন আক্ৰান্তৰ খবৰ পোহৰলৈ আহে।

আৰু পঢ়িব পাৰিব : জনসাধাৰণক মাস্ক, গামোচা পৰিধান কৰিবলৈ অনুৰোধ মোদীৰ

যোৱা পাছদিন ধৰি বিধায়ক আবাসত আছিল বিধায়কসহ লোককেইজন। মুকালমুৱাৰ পৰা গৈ জ্বৰত আক্ৰান্ত হৈ আছিল বিধায়কগৰাকী। নিজে হোম কোৱাৰেন্টাইনত আছিল নাৰায়ন। যোৱা এসপ্তাহ পূৰ্বে নিজ সমষ্টিত আহিছিল তেওঁ । তাৰ পাছত গুৱাহাটীতে চিকিৎসা কৰিছিল । বৰক্ষেত্ৰী মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক চফীউৰ ৰহমানে জানিব দিয়য়া মতে, যোৱা বুধবাৰে তেওঁ সমষ্টিত আহিছিল আৰু মুকালমুৱাৰ বহুঠাইত ৰাজহুৱা সমস্যাৰ বিষয়ে বুজ লৈছিল।

আৰু পঢ়িব পাৰিব : সত্যকাম ফুকনৰ ভিত্তিহীন কথাবোৰ ৰাইজক এৰাই চলাৰ আহ্বান অসম চিকিৎসা সেৱা সংস্থাৰ

আনহাতে, বিধায়কগৰাকী বৰক্ষেত্ৰীত কৰ’না আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈ অহা নাছিল যদিও বৰক্ষেত্ৰীত থকা কোৱাৰেন্টাইন কেন্দ্ৰসমূহত উপস্থিত হৈ খবৰ লৈ আহিছিল। আজি বিধায়কগৰাকীৰ সংস্পৰ্শলৈ অহা লোক সকলক স্বাস্থ্য বিভাগে নমুনা টেষ্টৰ নমুনা ল’ব বুলিও জানিব পৰা গৈছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES
Close
Close