পাইলট ক’ভিড পজিটিভ: আধা বাটৰপৰাই ঘূৰিল মস্কো অভিমুখী বন্দে ভাৰত মিছনৰ বিমান

নতুন দিল্লী: দিল্লীৰপৰা মস্কো অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান আজি আধা বাটৰপৰাই ঘূৰি আহিবলগীয়া হয়৷ বিমানখন উৰা মৰাৰ কিছু সময়ৰ পাছতে কৰ্তৃপক্ষ অৱগত হয় যে বিমানচালকজনৰ দেহত ক’ভিড-১৯ৰ সংক্ৰমণ ঘটিছে৷ ইয়াৰ পাছতে এয়াৰবাছ এ৩২০এনইঅ’ বিমানখন ঘূৰাই আনিবলৈ নিৰ্দেশ দিয়া হয়৷ 

 

আৰু পঢ়িব পাৰিব: বাঘজান তৈলক্ষেত্ৰৰ গেছ নিৰ্গমণ অব্যাহত : আশ্ৰয় শিবিৰত ৮০০ লোক

 

ডাইৰেক্টৰ জেনেৰেল অৱ চিভিল এভিয়েচনৰ ভাষ্য অনুসৰি ই বিভাগটোৰ এক আসোঁৱাহ আৰু এই সন্দৰ্ভত তদন্ত জাৰি কৰা হৈছে৷ উল্লেখ্য যে পুৱা ৭ বজাত মস্কো অভিমুখে উৰা মৰা বিমানখন দুপৰীয়া প্ৰায় ১২-৩০ বজাত পুনৰ আহি দিল্লী পাইছিলহি৷

 

আৰু পঢ়িব পাৰিব: ভয়ংকৰ! হাঁহ চুৰিৰ অভিযোগতে ব্ৰহ্মপুত্ৰত উটুৱাই দিলে যুৱকক

 

উল্লেখ্য যে বন্দে ভাৰত মিছনৰ অধীনত মস্কোত আবদ্ধ লোকসকলক ঘূৰাই আনিবলৈ বিমানখন উৰা মাৰিছিল৷ বিসংগতি ধৰা পৰাৰ পাছত উজবেকিস্তানৰ আকাশমাৰ্গৰপৰাই বিমানখন ঘূৰাই অনা হয়৷ সম্প্ৰতি বিমানখনৰ ক্ৰিউক কোৱাৰেণ্টাইন কৰা বুলি জানিব পৰা গৈছে৷ দিল্লীৰপৰা যোৱাৰ সময়ত বিমানখনত আন কোনো যাত্ৰী নাছিল৷

 

অসমৰ দৈনন্দিন নতুন তথ্য লাভ কৰিবৰ বাবে অনুসৰণ কৰক আমাৰ প্ৰাগ নিউজ ফেচবুক পেজ আৰু প্ৰাগ নিউজ ইউটিউব চেনেল লগতে লাইভ টিভি পৰ্যবেক্ষন কৰক।

প্ৰাগ নিউজ ফেচবুক পেজ

প্ৰাগ নিউজ ইউটিউব চেনেল

Show More

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
Live Updates COVID-19 CASES
Close
Close