বিশ্ব ব্যঘ্ৰ দিৱস : বনকৰ্মীৰ গীতৰ সুৰেৰে মুখৰিত মানাহ ৰাষ্ট্ৰীয় উদ্যান

মুছলপুৰ : আজি ব্যঘ্ৰ দিৱস উপলক্ষে মানাহ ৰাষ্ট্ৰীয় উদ্যানত দেখা গ’ল ব্যতিক্ৰমী ছবি৷ প্ৰকৃতিৰ ৰম্যভূমি মানাহ উদ্যানৰ বাহবাৰী বনাঞ্চলিক কাৰ্যালয়ত উদযাপন কৰা হয় বিশ্ব ব্যঘ্ৰ দিৱস৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত কামেশ্বৰ বসুমতাৰী নামৰ বনকৰ্মী এগৰাকীয়ে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তুক লৈ লিখা এটি গীত পৰিৱেশন কৰে তেওঁ৷

আৰু পঢ়িব পাৰিব:লকডাউনত বৃহৎ লোকচান! ছবিগৃহত প্ৰতিমাহে এক হাজাৰ কোটিৰ ঘাটি

বনকৰ্মী কামেশ্বৰ বড়োৰ গীতে আপ্লুত কৰে অনুষ্ঠানত অংশগ্ৰহণ কৰা প্ৰতিজনক৷ ইয়াৰ পাতে এই অনুষ্ঠানত উপস্থিত থকা বনবিভাগৰ উচ্চ পদস্ত বিষয়া, বাকসাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ কেইবাগৰাকী লোক৷

আৰু পঢ়িব পাৰিব:বিশেষভাৱে সক্ষম যুৱকক গুৰুলা গুৰুলকৈ প্ৰহাৰ ২ নৰপিশাচৰ

উল্লেখ্য যে মানাহ ৰাষ্ট্ৰীয় উদ্যানত সম্প্ৰতি ৩০টা বাঘ থকাৰ লগতে ৩৭টা গঁড় আছে৷ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ জীৱ-জন্তু আৰু গছ-গছনি কোনো চোৰাং চিকাৰীয়ে ক্ষতি কৰিব নোৱাৰে ইয়াৰ বাবে বনবিভাগৰ প্ৰতিজন কৰ্মীয়ে গুৰুত্ব সহকাৰে সুৰক্ষা দিব বুলিও প্ৰতিজ্ঞাবদ্ধ হয় এই অনুষ্ঠানত৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES