ৰোম : ইটালীৰ শিক্ষামন্ত্ৰী ল’ৰেজ’ ফিঅ’ৰাম’ন্টিয়ে সোমবাৰে ঘোষণা কৰে যে ২০২০ চনৰ ছেপ্টেম্বৰৰ নতুন শিক্ষাবৰ্ষ পৰা বিদ্যালয়ৰ শিক্ষাৰ্থীসকলক জলবায়ু পৰিবৰ্তন আৰু বহনক্ষম উন্নয়নৰ বিষয়টো বাধ্যতামূলক কৰা হ’ব৷ তেওঁ কয় যে প্ৰতি সপ্তাহত ১ঘন্টাকে ধৰি প্ৰত্যেক বছৰে ৩৩ ঘ্ন্টাকৈ সকলো বিদ্যালয়ে জলবায়ু পৰিবৰ্তনৰ বিভিন্ন সমস্যাৰ অধ্যয়নৰ বাবে চেষ্টা চলোৱা উচিত৷
আৰু পঢ়িব পাৰিব : আই এছ এল : হায়দৰাবাদক পৰাস্ত কৰি পইণ্ট তালিকাৰ শীৰ্ষত নৰ্থ-ইষ্ট ইউনাইটেড
ইয়াৰ উপৰি মন্ত্ৰীগৰাকীয়ে কয় যে ভূগোল, গণিত আৰু পদাৰ্থ বিজ্ঞানৰ দৰে বিষয়েও বহনক্ষম উন্নয়নৰ দিশত বিশেষ ভূমিকা গ্ৰহণ কৰিছে৷ উল্লেখ্য যে যোৱা ছেপ্টেম্বৰ মাহত ফিঅ’ৰাম’ন্টিয়ে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পাঠদান ক্ষতি কৰি “জলবায়ু প্ৰতিবাদ”লৈ যাবলৈ উৎসাহিত কৰাৰ বাবে বিৰোধীৰ সমালোচনাৰ সন্মুখীন হৈছিল৷
ইতিমধ্যে ৰোমত হোৱা এক সাক্ষাৎকাৰত ফিঅ’ৰাম’ন্টিয়ে ইটালীৰ সমূহ বিদ্যালয়ত জলবায়ু পৰিবৰ্তনৰ বিষয়টো মূল বিষয় হিচাপে অন্তৰ্ভুক্ত কৰাত প্ৰথম ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ ইচ্ছা প্ৰকাশ কৰিছিল৷
আৰু পঢ়িব পাৰিব : কেন্দ্ৰীয় গৃহমন্ত্ৰীৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বৈঠকত বিভিন্ন প্ৰসংগ
মন্ত্ৰীগৰাকীয়ে নতুনকৈ প্লাষ্টিক, শৰ্কৰাযুক্ত খাদ্য আৰু বিমান টিকটৰ ওপৰত কৰৰ প্ৰস্তাৱ গ্ৰহণৰ বাবেও তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল৷ দেশখনৰ চৰকাৰে ২০২০ চনৰ নতুন বাজেট অনুসৰি প্লাষ্টিক আৰু মিঠা পানীয়ৰ ওপৰত কৰৰ ব্যৱস্থা কৰিছে৷