বি পি এফে পুনৰ দখল কৰিব বি টি চি, হাগ্ৰামাই হ’ব পুনৰ চীফ্ : ৰাজীৱ ব্ৰহ্মা

কোকৰাঝাৰ : বিশ্বব্যাপি মহামাৰী কৰ’না ভাইৰাছৰ ভয়াৱহতাৰ মাজতে বি টি চিত ৰাজনীতিৰ গৰম বতাহ। অসম ৰাজ্যিক নিৰ্বাচন আয়োগে বি টি চিৰ সকলো জিলা উপায়ুক্ত আৰু মহকুমাধীপতিক ৬ আগষ্টৰ ভিতৰতে ভোট কেন্দ্ৰসমূহৰ মূল্যায়ন কৰিবলৈ নিৰ্দেশ জাৰি কৰি বি টি চিৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ সেউজ সংকেত দিছে। যাৰবাবে বি টি চিত বিভিন্ন ৰাজনৈতিক দলৰ নেতা-প্ৰাৰ্থীসকলে নিৰ্বাচন প্ৰচাৰমূলক মেল- মিটিং আয়োজন কৰাত ব্যস্ত হৈ পৰিছে।

আৰু পঢ়িব পাৰিব: আৰম্ভ হ’ল ৰাম মন্দিৰৰ পূজা-অৰ্চনা : সাস্তাংগে প্ৰণাম প্ৰধানমন্ত্ৰীৰ

তেনেদৰে ৯নং বনৰগাঁও বি টি চি পৰিষদীয় সমষ্টিৰ বি পি এফৰ মনোনীত প্ৰাৰ্থী ৰাজীৱ ব্ৰহ্মাৰ দলীয় অনুষ্ঠানত আদিবাসী ড্ৰাগন ফাইটাৰ চমুকৈ এ ডি এফৰ অধ্যক্ষ গোপাল চৰেন, উপাধ্যক স্বফল হেমব্ৰমসহ ১৪৫ সদস্য আৰু ঝাৰবাৰী প্ৰাইমাৰী ইউ পি পি এলৰ সভাপতি গোজেন ৰয় লগতে বি জে পি, ইউ পি পি এলৰ ২৫কৰ্মী বি পি এফত যোগদান কৰি প্ৰাৰ্থী ৰাজীৱ ব্ৰহ্মাক সহযোগ কৰিবলৈ আগবাঢ়ি আহে।

আৰু পঢ়িব পাৰিব: ৪ বছৰীয়া শিশুৰ অসাধাৰণ কাৰ্য : ৩ মিনিট ১৫ চেকেণ্ডতে সাঁতুৰি পাৰ হ’ব পাৰে ৪৫০মিটাৰ

যোগদান অনুষ্ঠানত উপস্থিত থাকি বি পি এফৰ প্ৰাৰ্থী ৰাজীৱ ব্ৰহ্মই কয়- ‘বি টি চিত বি পি এফে পুনৰ শাসন দখল কৰিব এয়া এশ শতাংশ নিশ্চিত হৈ পৰিছে আৰু হাগ্ৰামা মহিলাৰীয়েই বি টি চিৰ পুনৰ চীফ্ হ’ব৷ লকডাউনৰ বাবে সমষ্টিত নিৰ্বাচনী অনুষ্ঠান পাতিবলৈ পোৱা নাই যদিও সমষ্টিবাসীয়ে বি পি এফৰ ওপৰত বিশ্বাস আছে। কাৰণ সমদৃষ্টিৰে সকলোকে চাই বি পি এফে। ইউ পি পি দলে যিমানেই বি পি এফৰ ওপৰত দোষাৰোপ তথা সমালোচনা নকৰক কিয় ইউ পি পি এলৰ মিছা অভিযোগটো ৰাইজে বুজি পাইছে।’

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES