‘বুলাতি হে মগৰ জানেকা নেহী’: সৰ্বজনপ্ৰিয় কবিতাৰ স্ৰষ্টা ৰাহত ইন্দোৰীৰ মৃত্যু

ইন্দোৰ : প্ৰখ্যাত উৰ্দু কবি তথা উৰ্দু সাহিত্যৰ পণ্ডিত ৰাহত ইন্দোৰীৰ কালি সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়৷ ক’ভিড আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি হৈ থকা শ্বায়ৰগৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হোৱাৰ কথা প্ৰকাশ কৰে তেওঁৰ পুত্ৰই৷ মৃত্যুৰ সময়ত ইন্দোৰীৰ বয়স আছিল ৭০ বছৰ৷ উদাত্ত আৰু শক্তিশালী শব্দৰে দৰ্শক-শ্ৰোতাক মুগ্ধ কৰি ৰাখিব পৰাৰ শক্তি আছিল ইন্দোৰীৰ কবিতাত৷ শব্দৰ মায়াজান ৰচি তেওঁ ঘন্টাৰ পাছত ঘণ্টা শ্ৰোতাক মোহাচ্ছন্ন কৰি ৰাখিব পাৰিছিল৷

আৰু পঢ়িব পাৰিব: যুৱ প্ৰজন্মক নিচামুক্ত কৰাৰ লক্ষ্যৰে প্ৰচাৰ সমাজ কল্যাণ বিভাগৰ

শিক্ষকতাৰ বৃত্তি এৰি কাব্য জগতত ৫০ বছৰৰো অধিক কাল ৰাজত্ব কৰা ইন্দোৰীয়ে নিৰ্ভয়ে ৰচনা আৰু পাঠ কৰি গৈছিল প্ৰতিবাদী কবিতা৷ বয়স্ক তথা ডেকা বয়সৰ সকলো লোকৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল তেওঁ৷ কেইমাহমান পূৰ্বে ইন্দোৰীৰ কবিতা –‘বুলাতি হে মগৰ জানেকা নেহী’– কবিতাটোৰ শাৰী ভাইৰেল হৈ পৰিছিল ছ’চিয়েল মিডিয়াত৷ টিকটককে ধৰি বিভিন্ন সামাজিক মাধ্যমত ‘মিম’ হিচাপে প্ৰচলিত হৈছিল তেওঁৰ এই কবিতাৰ শিৰোনাম৷ ইফালে বৈষম্যক লৈ লিখা তেওঁৰ কবিতাৰ পংক্তি– ‘চভিকা খুন চামিল হে ইছ দেশ কি মিট্টি মে, কিচিকে বাপ কা হিন্দুস্তান থোৰি হে’–‘কা’বিৰোধী আন্দোলনৰ সময়ত শ্ল’গান হিচাপে ব্যাপকভাৱে ব্যৱহৃত হৈছিল দেশজুৰি৷

আৰু পঢ়িব পাৰিব: জটিল অস্ত্ৰোপচাৰ: দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ স্বাস্থ্যৰ অৱনতি

গীতিকাৰ হিচাপেও জনপ্ৰিয় আছিল ইন্দোৰী৷ হিন্দী বোলছবি ‘কৰীব’ৰ ‘চোৰি চোৰি জব নজৰে মিলি’, ‘ঘাটক’ ছবিৰ ‘কোই জায়ে তো লে আয়ে মেৰী লাখ দুৱায়ে পায়ে’, ‘ইস্ক’ চলচ্চিত্ৰৰ ‘নিন্দ চুৰায়ি মেৰী’ আদি জনপ্ৰিয় গীত লিখিছিল কবিগৰাকীয়ে৷ তেওঁৰৰ মৃত্যুত কবি-গীতিকাৰ গুলজাৰ, জাভেদ আখতাৰকে আদি কৰি বিভিন্নজনে শোকপ্ৰকাশ কৰিছে৷ ইন্দোৰীৰ কবিতাৰ অনুৰাগী হিচাপে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটাৰত কবিগৰাকীক এশাৰী কৰিতাৰে শেষ শ্ৰদ্ধা জনায়৷ টুইটত ৰাহুল গান্ধীয়ে লিখিছে, –‘অব না মে হুঁ না বাকী জামানে মেৰে৷ ফিৰ ভী চহৰোঁ মে মশহুৰ হে ফাচানে মেৰে৷’– অৰ্থাৎ, এতিয়া না মই আছোঁ, না মোৰ যুগ বাকী আছে৷ তথাপি চহৰে চহৰে প্ৰখ্যাত হৈ মোৰ কাহিনীবোৰ আছে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES