বৰলৰ আক্ৰমণত মৃত্যু হোৱা মহিলাক বেজ লগাই জীয়াই তোলাৰ চেষ্টা!

নাহৰকটীয়া: বিজ্ঞান-প্ৰযুক্তিত মানুহৰ সফলতাই শিখৰ স্পৰ্শ কৰাৰ সময়তো এচাম লোকক স্পৰ্শ কৰিব পৰা নাই বিজ্ঞান মনষ্কতাই৷ অন্ধবিশ্বাসৰ কৰাল গ্ৰাসৰপৰা এতিয়াও ওলাই আহিব পৰা নাই এচাম লোক৷ শিক্ষিত-অশিক্ষিত নিৰ্বিশেষে প্ৰায়ে একাংশ লোক যুক্তি বহিৰ্ভূত কামত লিপ্ত হোৱা দেখা যায়৷ নাহৰকটীয়াতো শেহতীয়াকৈ দেখা পোৱা গ’ল তেনে এক ঘটনা৷

আৰু পঢ়িব পাৰিব: গড়গাঁৱত দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

বুধবাৰে নাহৰকটীয়াৰ জয়পুৰ টিপাম ফাকিয়াল বিন বস্তিৰ চিউবালি বিনৰ পত্নী উৰ্মিলা দেৱীয়ে গাঁৱৰে এজন লোকৰ বাৰীত ঘাঁহ কাটি থকা অৱস্থাত কোদো-বৰলে আক্ৰমণ কৰে। বহুকেইটা কোদো-বৰলে মহিলাগৰাকীক কামোৰাত তেওঁক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয়৷ চিকিৎসকে মহিলাগৰাকীক বেজী দিয়াৰ পাছত মহিলাগৰাকীক ঘৰলৈ পঠিয়াই দিয়ে চিকিৎসকে। ইফালে বৃহস্পতিবাৰে মহিলাগৰাকীৰ পুনৰ প্ৰচণ্ড বিষ হোৱাত জয়পুৰ স্বাস্থ্যকেন্দ্ৰলৈ মহিলাগৰাকীক নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

আৰু পঢ়িব পাৰিব: যোগাসনেৰে তামুলপুৰৰ পুষ্পক নেৱাৰৰ বিশ্ব অভিলেখ

কিন্তু পৰিয়ালৰ লোকে মহিলাগৰাকীৰ মৃত্যু হোৱাৰ কথাটো মানি ল’ব নুখুজিলে৷ তেওঁক জীয়াই তোলাৰ আশাৰে বেজৰ কাষ চাপিল পৰিয়ালৰ লোক৷ তাৰ পাছতেই গাঁৱৰ মন্দিৰৰ সন্মুখত মৃতদেহ ৰাখি মৃতদেহৰ ওপৰত চলোৱা হ’ল বেজালি৷ মহিলাগৰাকীক জীয়াই তুলিবলৈ বেজে আৰম্ভ কৰিলে তন্ত্ৰ-মন্ত্ৰ, কিন্তু দিন-ৰাতি বেজালি কৰিও বেজে জীয়াই তুলিবলৈ সক্ষম নহ’ল মহিলা গৰাকীক৷ যি সময়ত বিশ্ব এতিয়া বিজ্ঞান প্ৰযুক্তিবিদ্যাৰে চৰম সীমাত উপনীত হৈছে সেই সময়ততো একাংশ লোকৰ এনে অন্ধবিশ্বাসী কৰ্ম-কাণ্ডই ভাবিবলৈ বাধ্য কৰে, কিহৰ কাৰণে বিজ্ঞান মনষ্কতাই সমানে স্পৰ্শ কৰিব পৰা নাই সকলো লোকক?

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES