ভাৰত-চীন সম্পৰ্ক : কূটনৈতিক আলোচনাৰে সমস্যা সমাধানৰ প্ৰচেষ্টা

নতুন দিল্লী : সীমান্তৰ সংঘাতপূৰ্ণ পৰিস্থিতিক লৈ চীন আৰু ভাৰতৰ মাজত সামৰিক স্তৰত আলোচনা চলি থকাৰ মাজতে শেহতীয়াকৈ কূটনৈতিক পৰ্যায়ৰ আলোচনাও আগবঢ়া দেখিবলৈ পোৱা গৈছে। বুধবাৰে চীনৰ ভাৰতীয় ৰাষ্ট্ৰদূত বিক্ৰম মিশ্ৰীয়ে চীনৰ শাসকীয় দলৰ এগৰাকী শীৰ্ষ বিষয়াৰ সৈতে আলোচনাত ভাগ লয়।

আৰু পঢ়িব পাৰিব: ১৬ আগষ্টৰপৰা ৰাজ্যত লকডাউনৰ নতুন নিয়ম, মানিব লাগিব এইসমূহ বিধি

লাডাখ সীমান্তৰ পৰিস্থিতি আৰু দুয়ো দেশৰ মাজৰ সামগ্ৰিক দ্বিপাক্ষিক সম্পৰ্কক লৈ দুয়োজন শীৰ্ষ বিষয়াই আলোচনা কৰা বুলি জানিব পৰা গৈছে। ভাৰতৰ ৰাষ্ট্ৰদূত আৰু চীনৰ কমিউনিষ্ট পাৰ্টীৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ উপ-সঞ্চালক লিউ জিয়াংচাওৰ মাজত এই বৈঠক অনুষ্ঠিত হয়।

আৰু পঢ়িব পাৰিব: প্ৰণৱ মুখাৰ্জীৰ মৃত্যু বুলি অপ-প্ৰচাৰ : পুত্ৰৰ আক্ষেপভৰা টুইট

বৈঠকৰ সবিশেষ বিতংভাৱে প্ৰকাশ কৰা হোৱা নাই যদিও দুয়ো দেশৰ দ্বিপাক্ষিক সম্পৰ্কক সংঘাতহীন ৰূপ দিয়াৰ লক্ষ্যৰে আলোচনা চলা বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে। ভাৰত-চীন সীমান্তত সেনা সমাৱেশৰ ব্যাপকতাৰ সমান্তৰালভাৱে দুয়ো দেশে আলোচনাৰ মাজেৰে সমস্যা সমাধানৰ প্ৰয়াস চলাই অহাটো আশাপ্ৰদ বিবেচিত হৈছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES