ভুৱা ফ’ল’ৱাৰ ক্ৰয় কৰি বিপদত বাদশ্বাহ: ‘পাগল হে’ ভাইৰেল কৰিছিল ৭২ লাখত

মুম্বাই: ছ’চিয়েল মিডিয়াত ভিউৱাৰশ্বিপ বঢ়াবলৈ বক্ৰ পথ গ্ৰহণ কৰিছিল ৰেপ সংগীতশিল্পী বাদশ্বাহে৷ মুম্বাই আৰক্ষীৰ জেৰাত এইকথা নিজমুখে স্বীকাৰ কৰিছে তাৰকা শিল্পীগৰাকীয়ে৷ ২৪ ঘণ্টাত এটা গীতৰ ভিডিঅ’ই সৰ্বাধিক ভিউ লাভ কৰাৰ ৰেকৰ্ড ভংগ কৰাৰ উদ্দেশ্যে ৭২ লাখ টকা দি ভিউৱাৰশ্বিপ ক্ৰয় কৰিছিল বাদশ্বাহে৷ ‘পাগল হে’ শীৰ্ষক গীতটো জনপ্ৰিয় কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লৈছিল তাৰকাগৰাকীয়ে৷

আৰু পঢ়িব পাৰিব: ’২১ৰ নিৰ্বাচনী যুঁজ : বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’বনে বহুধাবিভক্ত বিৰোধী শক্তি?

শুকুৰবাৰ আৰু শনিবাৰে কেইবাঘণ্টা ধৰি মুম্বাই আৰক্ষীৰ ক্ৰাইম ইণ্টেলিজেঞ্চ ইউনিটে সোধা-পোছা কৰাৰ পাছত এই কথাসমূহ স্পষ্ট হয়৷ ছ’চিয়েল মিডিয়া ইন্ফ্লুৱেঞ্চাৰৰ বাবে ভুৱা ফ’ল’ৱাৰ সৃষ্টি কৰা এটা চক্ৰৰ পম খেদি তদন্তকাৰীসকলে বাদশ্বাহলে চমন জাৰি কৰিছিল৷ উল্লেখ্য যে, বলীউডৰ বহু তাৰকাই এইদৰে অসৎ উপায়েৰে ছ’চিয়েল মিডিয়াত অনুৰাগী গোটোৱাৰ সন্দেহ কৰা হৈছে৷

আৰু পঢ়িব পাৰিব: মুম্বাইত ১০০০ কোটি টকাৰ ড্ৰাগছ উদ্ধাৰ, দুজনক গ্ৰেপ্তাৰ

মন কৰিবলগীয়া যে ভূমি ত্ৰিৱেদী নামৰ জনপ্ৰিয় গায়িকাগৰাকীয়ে তেওঁৰ এটা ভুৱা ছ’চিয়েল মিডিয়া একাউণ্ট প্ৰত্যক্ষ কৰি আৰক্ষীক অৱগত কৰিছিল৷ ইয়াৰ পাছতে ‘ফেক ফ’ল’ৱাৰ’ৰ সমগ্ৰ বিষয়টো পোহৰলৈ আহে৷ আৰক্ষীৰ তদন্তত বাদশ্বাহে প্ৰকাশ কৰা মতে তেওঁ ৭২ লাখ টকাৰ বিনিময়ত ৭৷২ কোটি ভুৱা ফ’ল’ৱাৰ ক্ৰয় কৰিছিল৷ ইয়াৰ পাছতে বাদশ্বাহৰ ‘পাগল হে’ শীৰ্ষক গানটোৱে ২৪ ঘণ্টাৰ ভিতৰতে সৰ্বাধিক ভিউ লাভ কৰাৰ ৰেকৰ্ড ভংগ কৰিছিল৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES