মঙলদৈত কলা-সংস্কৃতিৰ অসমীয়া ৱেবছাইট ‘খিড়িকী’ৰ উন্মোচন

মঙলদৈঃ ক’ৰনা ভাইৰাছৰ ভয়াৱহতাৰ মাজতো ‘খিড়িকী’য়ে কঢ়িয়াই আনিছে সুখবৰ। মঙলদৈত আজি ২৯ জুলাইত এক গাম্ভীৰ্য্পূৰ্ণ অনুষ্ঠানত সম্পূৰ্ণ কলা, সাহিত্য, সংস্কৃতি তথা কৃষি বিষয়ক তথ্যৰে সমৃদ্ধ এটা ৱেবছাইট মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসে উন্মোচন কৰে।

আৰু পঢ়িব পাৰিব: বিশ্ব ব্যঘ্ৰ দিৱস : বনকৰ্মীৰ গীতৰ সুৰেৰে মুখৰিত মানাহ ৰাষ্ট্ৰীয় উদ্যান

‘www.khiriki.com’ নামৰ ৱেবছাইটতো মুকলি কৰি তেওঁ ইয়াত উপলব্ধ নানান গল্প, কবিতা, ভ্ৰমণ কাহিনী, অসমৰ বিভিন্ন পৰ্যটনস্থলী ইত্যাদিৰ তথ্য, কৃষি বিষয়ক বিভিন্ন লেখা ইত্যাদিয়ে কৃষক সমাজৰ লগতে ৰাইজক উপকৃত কৰিব বুলি মন্তব্য প্ৰকাশ কৰে।

আৰু পঢ়িব পাৰিব: লকডাউনত বৃহৎ লোকচান! ছবিগৃহত প্ৰতিমাহে এক হাজাৰ কোটিৰ ঘাটি

ভিডিঅ’ কনফাৰেঞ্চৰদ্বাৰা আয়োজিত সভাখনত উপস্থিত থকা অসমীয়া আৰু হিন্দী ছবিৰ অভিনেতা তথা নাট্যকৰ্মী, সাংস্কৃতিক কৰ্মী পবিত্ৰ ৰাভা, সত্ৰীয়া নৃত্যৰ বিশাৰদ, বিহুসম্ৰাজ্ঞী তথা ৰাজ্যিক চলচ্চিত্ৰৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা বিজয়ী ৰূপশিখা শালৈ, অসমীয়া আৰু বলীউড ছবিৰ অভিনেতা মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰেও ‘খিড়িকী’য়ে অসমৰ ডিজিটেল সাহিত্যৰ পাঠকসকললৈ এক নতুন সোৱাদ আগবঢ়াবলৈ সক্ষম হ’ব বুলি মতপ্ৰকাশ কৰে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES