মধ্যপ্ৰদেশত এইবাৰ সিন্ধিয়া চৰকাৰ! ২৮ নতুন মন্ত্ৰীৰ শপত

ভূপাল : মধ্যপ্ৰদেশৰ বিজেপি চৰকাৰৰ নিয়ন্ত্ৰণ জোতিৰাদিত্য সিন্ধিয়াৰ হাতত থকাটো শেহতীয়াকৈ স্পষ্ট হৈ পৰিছে। বৃহস্পতিবাৰে শপত গ্ৰহণ কৰা মন্ত্ৰীসভাৰ ২৮জনকৈ নতুন মন্ত্ৰীৰ মাজত কেইবাজনো প্ৰাক্তন কংগ্ৰেছ নেতা তথা সিন্ধিয়াৰ ঘনিষ্ঠৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পাছতে এইকথা স্পষ্ট হৈ পৰে। মন কৰিবলগীয়া যে, এই নতুন মন্ত্ৰীসকলৰ বাৰজনেই সিন্ধিয়া শিবিৰৰ ৷

আৰু পঢ়িব পাৰিব : এইচ-১বি ভিছাক লৈ জো বিডেনৰ গুৰুত্বপূৰ্ণ ঘোষণা, কিদৰে উপকৃত হব ভাৰত!

মন্ত্ৰীত্বক লৈ চলি থকা অৰিয়াঅৰিৰ বাবে কেইবামাহো মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ স্থগিত ৰখা হৈছিল। কিন্তু এতিয়া মুখ্যমন্ত্ৰী শিৱৰাজ সিং চোহানৰ পচন্দকো বাদ দি সিন্ধিয়াৰ নিৰ্বাচনক অগ্ৰাধিকাৰ দিয়া হৈছে মন্ত্ৰীসভাত। এটা বিশেষ সূত্ৰই শিৱৰাজৰ তালিকাৰ নাম কৰ্তন হোৱাটো নিশ্চিত কৰিছে ৷ সিন্ধিয়াৰ ঘনিষ্ঠ তথা তেওঁৰ সৈতে মাৰ্চ মাহত কংগ্ৰেছ বাদ দি বিজেপিলৈ অহা কেইবাজনো নেতাই মন্ত্ৰীসভাত স্থান লাভ কৰিছে।

মনত ৰখা ভাল, সিন্ধিয়াৰ বিদ্ৰোহৰ বাবেই ৰাজ্যখনত কংগ্ৰেছৰ কমলনাথ চৰকাৰৰ পতন হৈছিল আৰু বিজেপি পুনৰ শাসনৰ গাদীলৈ আহিছিল। এতিয়া সিন্ধিয়াৰ পচন্দ মতেই তেওঁৰ শিবিৰৰ নেতাসকলে আজি মন্ত্ৰীৰ শপত গ্ৰহণ কৰিলে।

আৰু পঢ়িব পাৰিব : নগাঁৱৰ কুৰুৱাবাহীত তিনিদিনে সন্ধানহীন যুৱকৰ মৃতদেহ পুখুৰীত উদ্ধাৰ

আনহাতে সিন্ধিয়াৰ এগৰাকী আত্মীয় তথা বিজেপি নেত্ৰী যশোধৰা ৰাজে সিন্ধিয়াকো কেবিনেটত স্থান দিয়া হৈছে। এই সম্প্ৰসাৰণত শিৱৰাজ সিং চৌহানৰ কথা সম্পূৰ্ণৰূপে নৰজাটো তেওঁৰ এটা মন্তব্যই স্পষ্ট কৰি দিয়ে। তেওঁ ইংগিতপূৰ্ণভাৱে কয়, ‘মন্থনত সদায় অমৃতেই ওলায়। বিষখিনি শিৱই পান কৰে।’ তেওঁৰ এই অভিমতে প্ৰমাণ কৰি দিছে, মন্ত্ৰীসভাৰ সম্প্ৰসাৰণত তেৱেঁই বিষৰ প্ৰাত্ৰ গলাধকৰণ কৰিবলগীয়া হৈছে আৰু সাংসদ সিন্ধিয়াৰ নিয়ন্ত্ৰণ মন্ত্ৰীসভাত বৃদ্ধি পাইছে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES
Close
Close