মুম্বাই : বিট্ৰেইনৰ কাৰ্ডিফ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই বৰ্ষৰ “গ’ল্ডেন ড্ৰেগন” সন্মানেৰে সন্মানিত কৰা হয় ভাৰতৰ জনপ্ৰিয় অভিনেতা নৱাজুদ্দিন ছিদ্দিকি ৷ “ছেক্ৰেড গেমছ”, “ফটোগ্ৰাফ”, “মেকমাফিয়া”, “ৰমন ৰাঘৱ”, “গেংছ অফ ৱাছেপুৰ”ৰ লগতে বহু ছবিত কৰা বলিষ্ঠ অভিনয়ৰ দ্বাৰা ছবিজগতত বিশেষ স্থান লাভ কৰিছে অভিনেতা ছিদ্দিকিয়ে৷
আৰু পঢ়িব পাৰিব : ১০টা কৰ্মদিনত পাঁচটা গুৰুত্বপূৰ্ণ ৰায় দিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে
কাৰ্ডিফ চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হৈছিল যোৱা ২৪ অক্টোবৰৰ পৰা ২৭ অক্টোবৰলৈকে৷এই মহোৎসৱতে হলীউড অভিনেত্ৰী জুডি ডেঞ্চক জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত কৰা হয়৷
আৰু পঢ়িব পাৰিব : ক্ৰিকেটাৰ বুমৰাহৰ টুইট : শীঘ্ৰে আৰোগ্য লাভ, খেলপথাৰত নমাৰ ইংগিত
অভিনেতা নৱাজুদ্দিন ছিদ্দিকিয়ে এই সন্মান লাভ কৰাৰ পাছতে অভিনেতাজনে ২৯ অক্টোবৰত ব্ৰিটেইনৰ ৰাজনীতিজ্ঞ আৰু ৱেল্ছৰ পৰামর্শদাতা মিক এন্ট’নিউক টুইটাৰ যোগে ধন্যবাদ জনায়৷