মহানগৰীৰত পুনৰ একাধিক স্থানক কনণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা প্ৰশাসনৰ

গুৱাহাটীঃ দেশত কৰ’না মহামাৰীৰ বিভীষিকাৰ মাজতে মহানগৰীত গণসংক্ৰমণৰ আশংকা কৰা হৈছে। মহানগৰীৰ প্ৰাগজ্যোতিষ হাউছিং কমপ্লেক্সত জয়তী হালদাৰ নামৰ এগৰাকী মহিলা মহামাৰীবিধত আক্ৰান্ত হোৱাত হাউছিং কমপ্লেক্সটো কণ্টেইনমেণ্ট জ’ন হিচাপে প্ৰশাসনে ঘোষণা কৰিছে। মহিলাগৰাকীৰ ভ্ৰমণ বৃৰ্তান্তৰ পৰা জানিব পৰা গৈছে যে, মুম্বাইৰ পৰা ৫জুনত আহিছিল তেওঁ।

আৰু পঢ়িব পাৰিব: সংক্ৰমণ অনিয়ন্ত্ৰিত : ভয়ংকৰ ভৱিষ্যতৰ দিশে দেশৰ স্বাস্থ্য

 ৩২০টা পৰিয়ালে বসবাস কৰা হাউছিং কমপ্লেক্সটোৰ এম ব্লক কনণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে। হাউছিং কমপ্লেক্সৰ ৰাইজৰ দাবীত এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে প্ৰশাসনে। এই ব্লকৰ বাসিন্দাই কাৰোৰে সংস্পৰ্শলৈ যাব নোৱাৰিব বুলিও প্ৰশাসনে সংবাদ মাধ্যমৰ আগত সদৰী কৰে। এম ব্লকৰ ১৬টা পৰিয়ালে অৱৰুদ্ধ ক্ষেত্ৰৰ নিয়ম কঠোৰভাৱে পালন কৰিব লাগিব।

আৰু পঢ়িব পাৰিব: জনস্বাস্থ্যৰ প্ৰতি ভাবুকি মাতিছে কোৱাৰেণ্টাইন কেন্দ্ৰই! উঠিছে গুৰুতৰ অভিযোগ

আনহাতে কনটেইণ্টমেণ্ট জ’ন হিচাপে চিহ্নিত হৈছে মহানগৰীৰ আন এটা স্থান, নুনমাটিৰ ছেক্টৰ-৩ৰ চিআইএছএফ কেম্প। দিল্লীৰ পৰা অহা চিআইএছএফত কৰ্মৰত হৰেন্দ্ৰ সিং নামৰ জোৱান জন বৃহস্পতিবাৰে ক’ভিত-১৯ত আক্ৰান্ত হোৱাৰ পাছত চিআইএছএফৰ কেম্পটো আজি কনটেইনমেণ্ট জ’ন হিচাপে চিহ্নিত কৰে প্ৰশাসনে।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES