‘মৃত্যু ৰথ’ত পৰিণত শ্ৰমিক বিশেষ ৰে’ল : দুসপ্তাহতে আশীজন শ্ৰমিকৰ মৃত্যু!

নতুন দিল্লী : দেশৰ দুৰ্গত প্ৰব্ৰজিত শ্ৰমিকসকলৰ বাবে চৰকাৰে চলাচল কৰোঁৱা শ্ৰমিক বিশেষ ৰে’লসমূহতো শ্ৰমিকসকলৰ দুৰ্যোগৰ অন্ত পৰা নাই ।চৰম অব্যৱস্থাৰে চলাচল কৰা এই ৰে’লসমূহত শ্ৰমিকৰ বাবে মৌলিক সা-সুবিধাৰো অভাৱ ঘটিছে। তাতোকৈ ভয়ংকৰ কথাটো হৈছে এই শ্ৰমিক বিশেষ ৰে’ল বহুতৰ কাৰণে হৈ পৰিছে ‘মৃত্যু ৰথ’।

 

 

আৰু পঢ়িব পাৰি:কৰ’নাৰ শংকা নাই : নেমকেয়াৰ হাস্পতালৰ সকলো বিভাগ পুনৰ মুকলি

 

 

ৰে’ল বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, এই মাহটোতে অৰ্থাৎ ৯ মে’ৰ পৰা ২৭ মে’লৈকে শ্ৰমিক বিশেষ ৰে’লত মৃত্যু হৈছে কমেও আশীজন যাত্ৰীৰ। ৰে’ল বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ২৩ মে’ত মৃত্যু হৈছে ১০জন লোকৰ। ২৪ আৰু ২৫ মে’ত নজনকৈ শ্ৰমিকৰ মৃত্যু হৈছে। ২৬ মে’ত ১৩জনৰ আৰু ২৭ মে’ত মৃত্যু হৈছে ৮জন শ্ৰমিকৰ।

 

আনসকল লোকৰো এই সময়ছোৱাৰ ভিতৰত বিভিন্ন পৰিস্থিতিত মৃত্যু হৈছে। ৰে’লৰ অস্বাস্থ্যকৰ পৰিৱেশ, খাদ্য-পানীৰ অভাৱ আদিয়ে ভালেকেইজন দুৰ্দশাগ্ৰস্ত শ্ৰমিকক তেওঁলোকৰ প্ৰত্যাৱৰ্তনৰ যাত্ৰাত মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ বাতৰি যোৱা সময়ছোৱাত সঘনে প্ৰকাশ পাই আহিছিল। শেহতীয়াকৈ ৰে’ল বিভাগে প্ৰকাশ কৰা তথ্যই শ্ৰমিকৰ দুৰ্দশাৰ ছবিখন অধিক পীড়াদায়ক আৰু ভয়ংকৰ বুলি প্ৰমাণ কৰিলে।

 

 

আৰু পঢ়িব পাৰি: বনমন্ত্ৰীৰ সংবাদমেল : দিহিং পাটকাই সন্দৰ্ভত সদৰী কৰিলে বিস্ফোৰক তথ্য!

 

 

উল্লেখ্য যে, শ্ৰমিক বিশেষ ৰে’লৰ চলাচল কৰোঁৱাৰ পূৰ্বে স্ব-গৃহলৈ প্ৰত্যাৱৰ্তনৰ বাবে কৰা বিপদসংকুল চেষ্টাই শতাধিক প্ৰব্ৰজিত শ্ৰমিকৰ প্ৰাণ কাঢ়ি নিছিল। ইয়াকে লৈ বিৰোধী দল কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে। শ্ৰমিকৰ সমস্যা সমাধানত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে অভিযোগ কৰি শ্ৰমিক বিশেষ ৰে’লসমূহক ‘ডেথ পাৰ্লাৰ’ আখ্যা দিছে।

 

অসমৰ দৈনন্দিন নতুন তথ্য লাভ কৰিবৰ বাবে অনুসৰণ কৰক আমাৰ প্ৰাগ নিউজ ফেচবুক পেজ আৰু প্ৰাগ নিউজ ইউটিউব চেনেল লগতে লাইভ টিভি পৰ্যবেক্ষন কৰক।

প্ৰাগ নিউজ ফেচবুক পেজ

প্ৰাগ নিউজ ইউটিউব চেনেল

 

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES