মৰণফাণ্ডত পৰিণত কামপুৰ-বৈঠালাংচু পথ : দুদিনত চাৰিটা দুৰ্ঘটনা

কাৰ্বি আংলং : মৰণফাণ্ডত পৰিণত হৈছে কামপুৰ-বৈঠালাংচু সংযোগী পথ। এই পথটোতে কামপুৰত দুটা দিনত চাৰিটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহত এগৰাকী বৃদ্ধা। আহত হয় আন চাৰিজন লোক।

আৰু পঢ়িব পাৰিব:ষড়যন্ত্ৰ অব্যাহত! গেহলট চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ বাবে সাজু বিজেপি

দুটা দিনত কামপুৰ কপিলী দলঙৰ সমীপত সংঘটিত চাৰিটাকৈ পথ দুৰ্ঘটনাই আচম্বিত কৰি তুলিছে জনসাধাৰণক। কচুৱা সুনাৰো গুৰিত সংঘটিত এটা দুৰ্ঘটনাত দ্ৰুতবেগী গ্লেমাৰ বাইকে মহতিয়াই নিয়ে এগৰাকী বৃদ্ধাক। থিতাতে নিহত হয় জামিলা খাতুন(৭৫) নামৰ বৃদ্ধাগৰাকী।

আৰু পঢ়িব পাৰিব:লায়নছ ক্লাবৰ প্লাজমা দান কাৰ্যসূচীত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা


দুৰ্ঘটনা সংঘটিত কৰা বাইক খনৰ নম্বৰ হৈছে AS02L-5890, ইফালে, এখন কুইড গাড়ীৰ খুন্দাত আহত হয় এজন ঠেলা চালক৷ বুধবাৰে বিয়লি দুখন বাইকৰ মুখামুখি সংঘৰ্ষত আহত হয় দুজন লোক৷ চাৰিটাকৈ পথ দুৰ্ঘটনাত আহত হয় চাৰিজন লোক। আহত আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES