যোগাসনেৰে তামুলপুৰৰ পুষ্পক নেৱাৰৰ বিশ্ব অভিলেখ

তামুলপুৰঃ বিশ্ব ত্ৰাসৰ সৃষ্টি কৰা কৰ’না মহামাৰীৰ ফলত সম্প্ৰতি ঘৰতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে বহু লোক৷ আনহাতে সকলো শিক্ষানুষ্ঠান বন্ধ হৈ আছে এই মহামাৰীৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ স্বাৰ্থত৷ কিন্তু এই সময়খিনিক অথলে যাবলৈ নিদিলে বাকসা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিৰ চাহপুৰ গাঁৱৰ এগৰাকী উদীয়মান যুৱক পুষ্কৰ নেৱাৰে৷ লকডাউনৰ মাজতে যুৱকগৰাকীয়ে ৰাজ্যলৈ কঢ়িয়াই আনিলে গৌৰৱ৷

আৰু পঢ়িব পাৰিব: ‘এটা কঁঠাল লৈ আহা…’ হাস্পতাললৈ যোৱাৰ পূ্ৰ্বে প্ৰণৱ মুখাৰ্জীৰ ইচ্ছা পূৰাইছিল পুত্ৰই

চাহপুৰ গাঁৱৰ স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ পুষ্কৰ নেৱাৰে যোগাসনৰ জৰিয়তে ‘Yoga World Book Record’ত নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ সক্ষম হৈছে৷ অসাধাৰণ যোগাভ্যাসৰ জৰিয়তে তেওঁ নিজৰ নাম সেই বিশ্ব অভিলেখত খোদিত কৰিবলৈ সক্ষম হৈছে৷ পুস্কৰ নেৱাৰে জানিবলৈ দিয়া অনুসৰি, ৰাজস্থানৰ অখিল ভাৰতীয় যোগ মহা সংঘই ২১ জুনত ‘বিশ্ব যোগ দিৱস’ উপলক্ষে অনলাইনযোগে অনুষ্ঠিত কৰিছিল যোগাসনৰ প্ৰতিযোগিতা৷

আৰু পঢ়িব পাৰিব: হাজোত আৰক্ষী জোৱানক ড্ৰাগছ মাফিয়াৰ ছুৰীকাঘাত

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল দেশৰ প্ৰায় ১২৩৯৯গৰাকী প্ৰতিযোগীয়ে৷ সেই সকলো প্ৰতিযোগীকে চেৰ পেলাই শীৰ্ষত উজলিবলৈ সক্ষম হ’ল বাকসাৰ যুৱকগৰাকী। যুৱকগৰাকীৰ সফলতাত তেওঁৰ পৰিয়ালৰ লগতে উৎফুল্লিত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী৷ চাহপুৰ গাঁৱৰ নিবাসী গংগা নেৱাৰ আৰু ৰূপা নেৱাৰৰ জ্যেষ্ঠ পুত্ৰ পুষ্কৰে যোগাভ্যাস প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ৰঙিয়াৰ যোগাচাৰ্য জ্যোতিষ কলিতাৰ ওচৰত।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES