লায়নছ ক্লাবৰ প্লাজমা দান কাৰ্যসূচীত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ প্ৰেক্ষাগৃহত প্লাজমা দান৷ লায়নছ ক্লাবৰ সহযোগত গুৱাহাটীৰ প্লাজমা দান কাৰ্যসূচীত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷

আৰু পঢ়িব পাৰিব:খাদ্যৰ পেকেটতো কৰ’না! চীনত আন এক উদ্বেগজনক পৰিস্থিতি


উল্লেখ্য যে, দৈনিক ৰাজ্যত ৫০ ইউনিট প্লাজমাৰ প্ৰয়োজন৷ তাৰ পৰিৱৰ্তে ৩৫ ইউনিট প্লাজমাহে লাভ কৰে স্বাস্থ্য বিভাগে৷ অধিক লোকক প্লাজমা দানৰ বাবে অনুৰোধ স্বাস্থ্যমন্ত্ৰীৰ৷ ক’ভিড টেষ্টৰ ক্ষেত্ৰত বুধবাৰে অসমে অভিলেখ গঢ়িলে বুলিও উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীয়ে৷

আৰু পঢ়িব পাৰিব:ৰাজপাটত বহা সতীৰ্থই পাহৰিলে অসম আন্দোলনৰ সক্ৰিয় নেতাক…


বুধবাৰে ১ লাখ ৪৩ হাজাৰ লোকৰ টেষ্ট কৰোঁৱা হৈছিল৷ দেশৰ সকলো ৰাজ্যৰ টেষ্টৰ পৰিসংখ্যা অসমে অতিক্ৰম কৰা বুলি উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES