ষড়যন্ত্ৰ অব্যাহত! গেহলট চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ বাবে সাজু বিজেপি

জয়পুৰ : ৰাজস্থানৰ অশোক গেহলট চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ বাবে সাজু হৈছে বিৰোধী দল বিজেপি। কাইলৈৰপৰা আৰম্ভ হ’বলগীয়া বিশেষ বিধানসভাৰ অধিৱেশনত গেহলট চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিব বিজেপি দলে। আজি প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে আৰু আন শীৰ্ষ ৰাজ্যিক নেতাসকলে এই পদক্ষেপ গ্ৰহণৰ বাবে পৰিকল্পনা কৰিবলৈ বৈঠকত মিলিত হয়।

আৰু পঢ়িব পাৰিব:খাদ্যৰ পেকেটতো কৰ’না! চীনত আন এক উদ্বেগজনক পৰিস্থিতি

ৰাজ্যখনৰ অপাসাৰিত উপ-মুখ্যমন্ত্ৰী তথা প্ৰভাৱশালী নেতা শচীন পাইলটৰ বিদ্ৰোহৰ পাছত এয়া বিজেপি বিধায়ক দলৰ প্ৰথমখন বৈঠক আছিল। অনাস্থা প্ৰস্তাৱৰ বিষয়ে ঘোষণা কৰি বিৰোধী দলপতি গুলাব চন্দ কাটাৰিয়াই কয়, ‘আমি, সহযোগীসকলৰে মিলি কাইলৈ বিধানসভাত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিম।’ আজিৰ পৰিস্থিতিত কংগ্ৰেছ চৰকাৰৰ অৱস্থা সুস্থিৰ যদিও বিজেপিয়ে চৰকাৰৰ পতনৰ বাবে চেষ্টা এৰি দিয়া নাই। মন কৰিবলগীয়া যে, কংগ্ৰেছৰ বিদ্ৰোহী শিবিৰ মূলসুঁতিলৈ উভতি অহাৰ পাছতে বিজেপিয়ে মঙলবাৰে অনুষ্ঠিত হ’বলগীয়া বিধায়ক দলৰ বৈঠক বাতিল কৰিছিল। এই কাৰ্যক লৈ মুখ্যমন্ত্ৰী গেহলটে বিজেপিক কটাক্ষ কৰি কয় যে, বিজেপিয়ে নিজৰ ষড়যন্ত্ৰ বিফল হোৱা বুলি উপলব্ধি কৰিয়েই এই বৈঠক বাতিল কৰিছে।

আৰু পঢ়িব পাৰিব:লায়নছ ক্লাবৰ প্লাজমা দান কাৰ্যসূচীত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

তাৰ পাছত আজি বৈঠক অনুষ্ঠিত কৰি অনাস্থা প্ৰস্তাৱ অনাৰ ঘোষণা কৰাটো তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে। উল্লেখ্য যে, পাইলট আৰু তেওঁৰ সমৰ্থক বিধায়কসকলৰ জৰিয়তে গেহলট চৰকাৰৰ পতনৰ চেষ্টা কৰা বুলি কংগ্ৰেছে অভিযোগ কৰি আহিছিল। কিন্তু সোমবাৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে কৰা আলোচনাৰ জৰিয়তে পাইলট আৰু তেওঁৰ সমৰ্থকসকলে বিদ্ৰোহৰ অৱসান ঘটোৱাত কংগ্ৰেছ চৰকাৰ সুস্থিৰ অৱস্থালৈ আহিছে।

আৰু পঢ়িব পাৰিব:ৰাজপাটত বহা সতীৰ্থই পাহৰিলে অসম আন্দোলনৰ সক্ৰিয় নেতাক…

ইফালে, কংগ্ৰেছৰ সৈতে চামিল হোৱা মায়াৱতীৰ বহুজন সমাজ পাৰ্টীৰ ছগৰাকী বিধায়ক কংগ্ৰেছৰে সদস্য হৈ থাকিব বুলি আজি উচ্চতম ন্যায়ালয়ে আজি গুৰুত্বপূৰ্ণ ৰায় দিছে। এই ছগৰাকী বিধায়ক কংগ্ৰেছত চামিল হোৱা কাৰ্য অস্থায়ীভাৱে স্থগিত কৰাৰ বাবে বিজেপি বিধায়কসকলে আৱেদন দাখিল কৰিছিল। কিন্তু এই আৱেদন ন্যায়ালয়ে অগ্ৰাহ্য কৰাত কংগ্ৰেছ শিবিৰত আন এক শক্তিৰ সঞ্চাৰ হৈছে। এতিয়া আস্থাৰ ভোট অনুষ্ঠিত হ’লেও চৰকাৰ সুৰক্ষিত হৈ থকাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিল।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES