সংকটত বিশ্বৰ ১৫২ নিযুত শিশু: কৰ’নাই সৃষ্টি কৰিব পূৰ্বতকৈও অধিক শিশু শ্ৰমিক

নতুন দিল্লী: মহামাৰী কৰ’না ভাইৰাছৰ সৈতে মানুহৰ যুঁজখন যে দীঘলীয়া হ’ব সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ ভাইৰাছ প্ৰতিৰোধৰ উদ্দেশ্য গ্ৰহণ কৰা ব্যৱস্থাসমূহে মানুহৰ বিভিন্ন আৰ্থ-সামাজিক ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছে৷ মহামাৰীৰ আঁৰ লৈ সমাজত সংক্ৰমিত হোৱা গুৰুতৰ সমস্যাবোৰৰ ভিতৰত অন্যতম হৈছে শিশু শ্ৰমিকসকল৷

ইউনেস্ক’ৰ এক প্ৰতিবেদন অনুসৰি ক’ভিড-১৯ৰ সংক্ৰমণে বিশ্বৰ কেইবা নিযুত শিশুক বলপূৰ্বক শ্ৰমৰ বাবে বাধ্য কৰিব৷ ইণ্টাৰনেচনেল লেবাৰ অৰগেনাইজেচনৰ তথ্যমতে বিশ্বৰ ১৫২ নিযুত শিশু ‘শিশু শ্ৰম’ৰ সৈতে জড়িত৷ ইয়াৰে ৭২ নিযুতেই প্ৰাণৰ প্ৰতি ভাবুকি থকা কামেৰে জড়িত৷ বৰ্তমান বিশ্বজুৰি কৰ’নাসৃষ্ট দুৰ্যোগে এই শিশু শ্ৰমিকসকলক অধিক কঠিন পৰিস্থিৰ মাজলৈ ঠেলি দিয়াৰ সম্ভাৱনা আছে৷

আৰু পঢ়িব পাৰিব: জনস্বাস্থ্যৰ প্ৰতি ভাবুকি মাতিছে কোৱাৰেণ্টাইন কেন্দ্ৰই! উঠিছে গুৰুতৰ অভিযোগ

ভাৰততো প্ৰায় ১০ নিযুত শিশু শ্ৰমিক আছে, যিসকলক কৰ’নাসৃষ্ট পৰিস্থিতিয়ে সংকটৰ মাজলৈ ঠেলি দিছে৷ লকডাউনৰ বাবে খাদ্য, আশ্ৰয় আৰু সংস্থাপন হেৰুওৱা এনে বহু শিশুক ৰাজপথেৰে খোজকাঢ়ি শ শ মাইল অতিক্ৰম কৰা আমি টেলিভিছনৰ পৰ্দাত দেখি আছোঁ৷

অলপতে এনে এগৰাকী কন্যা শিশুৰ ৰাজপথতে মৃত্যু হোৱাৰ পাছত ন’বেল বিজয়ী শিশু অধিকাৰ কৰ্মী কৈলাশ সত্যাৰ্থীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এক পত্ৰযোগে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ ল’বলৈ আহ্বান জনাইছিল৷ আজি বিশ্ব শিশু শ্ৰম বিৰোধী দিৱস৷ এই বছৰৰ বিশ্ব শিশু শ্ৰম বিৰোধী দিৱসত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে কৰ’না পীড়িত শিশু শ্ৰমিকসকলৰ ওপৰত৷ ইউনিচেফৰ প্ৰতিবেদন মতে মহামাৰীৰ বাবে বিশ্বজুৰি শিশুসকল খাদ্য, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহৰপৰা বঞ্চিত হৈছে৷

আৰু পঢ়িব পাৰিব: গভীৰ আৰ্থিক সংকটত ৰাজ্যৰ ক্ষুদ্ৰ উদ্যোগ; কি হ’ব এওঁলোকৰ ভৱিষ্যৎ

শিশুসকলক এই দুৰ্যোগত সহায় কৰিবলৈ সকলো ৰাষ্ট্ৰ আৰু স্বেচ্ছাসেৱী সংগঠনসমূহক বিশেষভাৱে আহ্বান জনাইছিল ৰাষ্ট্ৰসংঘই৷ ইফালে বিশেষজ্ঞসকলৰ মতে শিশুসকলৰ মাজত কৰ’না ভাইৰাছৰ সংক্ৰমণ তুলনামূলকভাৱে কম যদিও কৰ’নাসৃষ্ট অৰ্থনৈতিক দুৰ্যোগে বিশ্বজুৰি শিশু শ্ৰমিকৰ সংখ্যা দিনক দিনে বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷

দেশৰ ‘ক্ৰাই’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে এই সমস্যা সমাধানৰ বাবে দুৰ্গত শিশুসকলক চিহ্নিত কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰিছে৷ সংগঠনটোৰ মতে দুৰ্যোগৰ সময়ত শিশু সৰবৰাহকাৰী যথেষ্ট সক্ৰিয় হৈ পৰে৷ সেয়ে কন্যা শিশুসকলক এই সময়ত বিশেষ নজৰ দিয়াটো প্ৰয়োজনীয়৷ লগতে ১৫-১৮ বছৰ বয়সৰ কিশোৰসকল যাতে প্ৰাণৰ প্ৰতি ভাবুকি থকা কামত নিযুক্ত নহয়, তাতো চকু ৰাখিব লাগে বুলি শিশু সুৰক্ষা কৰ্মীসকলে মতপোষণ কৰিছে৷

ক’ভিড আক্ৰান্ত হৈ মাক-দেউতাকৰ মৃত্যু হোৱা শিশু যাতে বিপথে নায়ায় তাতো লক্ষ্য ৰাখিব লাগিব৷ বিদ্যালয় বন্ধ থকাৰ বাবে শিক্ষাৰ পৰা বঞ্চিত শিশুসকললৈও নজৰ দিয়াটো এই সময়ত এক প্ৰয়োজনীয় বিষয়৷

Show More

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
Live Updates COVID-19 CASES
Close
Close