সংকট জয়! আস্থাৰ ভোটত বিজয়ী ৰাজস্থানৰ গেহলট চৰকাৰ

জয়পুৰ : বিধানসভাৰ বিশেষ অধিৱেশন আজি অনুষ্ঠিত আস্থাৰ ভোটত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ সক্ষম হ’ল অশোক গেহলট নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে। ইয়াৰ লগে লগে মাহজোৰা অনিশ্চয়তাৰ অন্ত পৰিল আৰু ৰাজ্যখনৰ ৰাজনীতিলৈ সুস্থিৰতা ঘূৰি আহিল। প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলট আৰু তেওঁৰ সমৰ্থক ১৮গৰাকীকৈ বিধায়কে কৰা বিসম্বাদে চৰকাৰখনক একপ্ৰকাৰ পতনৰ গৰাহলৈ থেলি দিছিল।

আৰু পঢ়িব পাৰিব: স্বাধীনতাৰ বোকোচাত অভিশাপ! ধেমাজিবাসীৰ বাবে এতিয়াও দুঃস্বপ্ন ১৫ আগষ্ট

সোমবাৰে পাইলট বাহিনীয়ে দলৰ কেন্দ্ৰীয় নেতৃত্বৰ হস্তক্ষেপত বিদ্ৰোহৰ অৱসান ঘটায় আৰু চৰকাৰত চামিল হয়। ইয়াৰ লগে লগে কংগ্ৰেছ নেতৃত্বৰ চৰকাৰখনৰ শক্তি বৃদ্ধি পায়। অৱশ্যে, বৃহস্পতিবাৰে বিৰোধী বিজেপিয়ে কংগ্ৰেছৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ অনাৰ কথা ঘোষণা কৰিছিল। কিন্তু আজি বিধানসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পাছতে কংগ্ৰেছে আস্থাৰ প্ৰস্তাৱ উত্থাপন কৰি আস্থাৰ ভোটৰ মুখামুখি হয়।

আৰু পঢ়িব পাৰিব: নগাঁৱত ঘৰুৱা শিক্ষকৰদ্বাৰা ধৰ্ষণৰ অপচেষ্টা, থানাত গোচৰ ৰুজু

আস্থাৰ ভোটত বিজয়েৰে কংগ্ৰেছে নিজৰ একতা প্ৰতিপন্ন কৰিবলৈ সক্ষম হ’ল। কংগ্ৰেছৰ সপক্ষে ১২৫গৰাকী বিধায়কে সমৰ্থন কৰে। ২০০খন আসনৰ ৰাজস্থান বিধানসভাত সংখ্যাগৰিষ্ঠতাৰ বাবে ১০১খন আসনৰ প্ৰয়োজন। বিদ্ৰোহী শিবিৰ উভতি নহা হ’লে কংগ্ৰেছৰ বাবে যুঁজখন কিছু কটিন হোৱাৰ আশংকা আছিল।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES