স্বাধীনতাৰ বোকোচাত অভিশাপ! ধেমাজিবাসীৰ বাবে এতিয়াও দুঃস্বপ্ন ১৫ আগষ্ট

চিলাপথাৰঃ স্বাধীনতা! যিটো শব্দই বিপ্লৱ, বিদ্ৰোহ আৰু প্ৰতিবাদী জনতাক মুকলি আকাশৰ তলত জীয়াই থকাৰ এটি নতুন জীৱন দিয়ে। আৰু ১৫ আগষ্টৰ দিনা স্বাধীনতাৰ মুখ দেখিছিল দেশৰ কোটি কোটি জনতাই। স্বাধীনতা দিৱসে আনে ন-পুৰণিভৰা স্মৃতিৰ নষ্টালজিক বতৰা। কিন্তু ১৫ আগষ্টৰ স্বাধীনতা দিৱসে ধেমাজি জিলালৈ কঢ়িয়াই আনে এটাৰ পাছত আনটো প্ৰাকৃতিক দুৰ্যোগ, হত্যালীলা আৰু ধ্বংসৰ বতৰা।

আৰু পঢ়িব পাৰিব: স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটীৰ ট্ৰেফিক ব্যৱস্থাপনাৰ সালসলনি

পঞ্চাশ দশকৰ পৰা ইতিহাসৰ পাঠ লুটিয়াই চালেই পোৱা যায় ১৫ আগষ্টৰ দিনা সংঘটিত হোৱা দুৰ্যোগ, ধ্বংসৰ বতৰা। ১৯৫০ চনৰ ১৫ আগষ্টৰ দিনা বৰ ভূমিকম্পত সেই সময়ৰ পায়ক মহল ডিব্ৰুগড় জিলা আৰু সম্প্ৰতি ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজচক্ৰৰ চেংজান অঞ্চল সম্পূৰ্ণৰূপে নিঃশেষ হ’ল। কোন ক’ত গ’ল, কিমান মানুহ মৰিল তাৰ কোনো তথ্য নাইকীয়া হ’ল। ২০০৪ চনৰ ১৫ আগষ্টৰ দিনা বিপ্লৱৰ নামত আলফাই বৰ্বৰতা চলাই ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত ১৩গৰাকী নিৰীহ শিশু, মহিলাসহ সাধাৰণ জনতাক হত্যা কৰিছিল। ২০১১ চনৰ ১৫ আগষ্টৰ দিনাই পুৱা ৮ বজাত গাই নদীত অহা বানপানীয়ে নিমিষতে কেইবাখনো গাঁও ধ্বংস কৰিছিল।

আৰু পঢ়িব পাৰিব: বৰলৰ আক্ৰমণত মৃত্যু হোৱা মহিলাক বেজ লগাই জীয়াই তোলাৰ চেষ্টা!

ঘণ্টাৰ ভিতৰত শ শ পৰিয়াল অঘৰী হ’ল, ৯জনৰ মৃত্যু হোৱাৰ উপৰি গছৰ ওপৰত উঠি আশ্ৰয় লয়ো ৰক্ষা পোৱা নাছিল। ২০১৪ চনৰ ১৫ আগষ্টৰ দিনা ব্ৰহ্মপুত্ৰ নদীৰ মথাউৰী চিলাপথাৰৰ ৰেখা চাপৰি অঞ্চলৰ ঘৰ-বাৰী সকলো বানত উটি যায়। স্বাধীনতা দিৱসক লৈ ধেমাজিবাসী ৰাইজে যিমান আনন্দ, উল্লাহত দিনটো পাৰ কৰে তাৰ সমান্তৰালকৈ দুৰ্যোগৰ প্ৰস্তুতি চলায়। আৰু এইবাৰৰ ৭৪সংখ্যক স্বাধীনতা দিৱসে কঢ়িয়াই আনক স্বাধীনতাৰ জয় গান, জনতাৰ মুক্তকণ্ঠ অধিকাৰ আৰু প্ৰাপ্য।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES