স্বাধীনতা দিৱস উপলক্ষে গুৱাহাটীৰ ট্ৰেফিক ব্যৱস্থাপনাৰ সালসলনি

গুৱাহাটী: ১৫ আগষ্ট তাৰিখে গুৱাহাটীৰ জজ খেলপথাৰত উদযাপন হ’বলগা দেশৰ ৭৪ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ট্ৰেফিক ব্যৱস্থাপনাৰ সালসলনি। গুৱাহাটী মহানগৰ যান-বাহন আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি যান-বাহনৰ গতিপথ নিৰ্দেশনা:

আৰু পঢ়িব পাৰিব: বৰলৰ আক্ৰমণত মৃত্যু হোৱা মহিলাক বেজ লগাই জীয়াই তোলাৰ চেষ্টা!

১। কেৱল ৰঙা, নীলা আৰু হালধীয়া ৰঙৰ প্ৰৱেশ-পত্ৰ থকা নিমন্ত্ৰিত অতিথিসকলৰ যান-বাহনহে আৰক্ষীৰ বেৰীকেডেৰে প্ৰৱেশ কৰি উদযাপনস্থলীলৈ যাব পাৰিব। কে এল বি পথৰ ওপৰত (এন চি বি হলৰ ওচৰত) থকা আৰক্ষীৰ বেৰীকেড পুৱা ৮.৩০ বজালৈহে যান-বাহনৰ চলাচলৰ বাবে মুকলি থাকিব। ইয়াৰ পাছত কেৱল ভি ভি আই পি এই পথেদি যাব পাৰিব।
২। বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল এম জি ৰোডত সম্পূৰ্ণৰূপে বন্ধ থাকিব। জালুকবাৰী দিশৰপৰা অহা এই বাহনসমূহে এপল’ পইণ্টৰ পৰা এ টি ৰোডৰ দিশলৈ যাব লাগিব আৰু চানমাৰি দিশৰপৰা অহা বাহনসমূহ জিলা পুথিভঁৰাল পইণ্টেৰে জি এন বি ৰোড হৈ এ টি ৰোডৰ বিশাল পইণ্টলৈ (নতুন উৰণীয়া সেঁতুৰে) গতি কৰিব।

আৰু পঢ়িব পাৰিব: গড়গাঁৱত দুই শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান


৩। জালুকবাৰী দিশৰপৰা অহা আন ব্যক্তিগত বাহন, যিসমূহ উজানবজাৰ, চানমাৰি নাইবা জি এছ ৰোডৰ দিশলৈ যাব বিচাৰে তেওঁলোকে চেৰাগেট পইণ্টৰ পৰা কটন কলেজিয়েট ৰোড হৈ এইচ বি ৰোডত ওলাব। তাৰ পাছত এইচ বি ৰোড হৈ কমিচনাৰ পইণ্ট, এ আৰ বি ৰোডেৰে জি এন বি ৰোডৰ কালী মন্দিৰ পইণ্টত ওলাব। তাৰপৰা তেওঁলোকে বাঁও দিশে গতি কৰি আৰ বি আই পইণ্ট, জিলা পুথিভঁৰাল পইণ্ট, তৈবুল্লাহ পইণ্ট হৈ লেম্ব ৰোডলৈ যাব নাইবা চান্দমাৰী দিশে গতি কৰিব। অন্যান্যসকলে কালী মন্দিৰ পইণ্টত সোঁদিশে গতি কৰিব আৰু এ টি ৰোডত উপস্থিত হৈ নিজৰ গন্তব্যস্থলীলৈ গতি কৰিব। এই সংক্ৰান্তত দীঘলী পুখুৰীৰ বাঁও দিশৰ জি এন বি ৰোডত থকা ‘ৱান ৱে’ নিৰ্দিষ্ট দিনটোৰ বাবে শিথিল কৰা হ’ব।

আৰু পঢ়িব পাৰিব: যোগাসনেৰে তামুলপুৰৰ পুষ্পক নেৱাৰৰ বিশ্ব অভিলেখ


৪। চানমাৰি (জি এন বি ৰোড/কে এল বি ৰোড) বা জি এছ ৰোডৰ দিশৰ পৰা (টি চি পইণ্টৰ ফালৰ পৰা) অহা বাহনসমূহ জিলা পুথিভঁৰাল পইণ্ট হৈ জি এন বি ৰোডেৰে যাব আৰু তাৰ পৰা তেওঁলোকে এম এল এন ৰোড হৈ ভৰলুমুখৰ দিশে পানী যোগান পইণ্ট পৰ্যন্ত গৈ এম জি ৰোডত ওলাব পাৰিব।
৫। উজানবজাৰ আৰু খাৰঘূলীৰ দিশৰপৰা ভৰলুমুখৰ দিশে যোৱা বাহনসমূহ প্লেনেট’ৰিয়াম পইণ্টেৰে লেম্ব ৰোড হৈ জি এন বি ৰোডত উঠিব আৰু ওপৰত উল্লিখিত ৪নং পইণ্টৰ নিৰ্দেশনাৰে গতি কৰিব।
ন’ পাৰ্কিং অঞ্চলসমূহ:
(ক) জজ খেলপথাৰৰ পূব দিশে (কে এল বি ৰোড, এন চি বি হলৰপৰা চিফ জাষ্টিছ পইণ্টলৈকে)।
(খ) জজ খেলপথাৰৰ উত্তৰ দিশে (এম জি ৰোড, এন চি বি হলৰ পৰা ফুড ভিলা পইণ্টলৈকে)।
(গ) ডি চি ক’ৰ্ট পইণ্টৰ পৰা চিফ জাষ্টিছ পইণ্টলৈকে এম জি ৰোড (নদীৰ দিশে)।
(ঘ) চিফ জাষ্টিছ পইণ্টৰ পৰা প্লেনেট’ৰিয়াম পইণ্টলৈ এম জি ৰোডৰ দুয়োকাষে।
(ঙ) কমিচনাৰ পইণ্টৰ পৰা এন চি বি হল পইণ্টলৈ এইচ বি ৰোডৰ নেহৰু পাৰ্কৰ দিশে।
ভি ভি আই পি, ভি আই পি আৰু অন্যান্য নিমন্ত্ৰিত অতিথিসকলৰ যান-বাহনৰ পাৰ্কিং ব্যৱস্থাপনা

আৰু পঢ়িব পাৰিব: ‘এটা কঁঠাল লৈ আহা…’ হাস্পতাললৈ যোৱাৰ পূ্ৰ্বে প্ৰণৱ মুখাৰ্জীৰ ইচ্ছা পূৰাইছিল পুত্ৰই


(ক) ৰঙা ৰঙৰ প্ৰৱেশ-পত্ৰ: এই প্ৰৱেশ-পত্ৰ প্ৰাপ্ত যান-বাহনসমূহ ফুড ভিলাৰ তলত থকা ডি এম ডি এৰ পাৰ্কিঙত, এল এন বি ৰোডত আৰ বি আই পইণ্টলৈকে, এম জি ৰোডত (বজাৰৰ দিশে ফুড ভিলা পইণ্টৰ পৰা ডি চি অফিচ পইণ্টলৈকে) আৰু এ আৰ বি ৰোডত (নেহেৰু পাৰ্কৰ দিশে কমিচনাৰ পইণ্টলৈকে) পাৰ্কিং কৰিব পাৰিব।
(খ) নীলা ৰঙৰ প্ৰৱেশ-পত্ৰ: এই প্ৰৱেশ-পত্ৰ প্ৰাপ্ত যান-বাহনসমূহ এইচ বি ৰোডত কমিচনাৰ পইণ্টৰ পৰা পানবজাৰ পুলিচ পইণ্টলৈকে (পথৰ দুয়োদিশে) পাৰ্কিং কৰিব পাৰিব।
(গ) হালধীয়া ৰঙৰ প্ৰৱেশ-পত্ৰ: এই প্ৰৱেশ-পত্ৰ প্ৰাপ্ত যান-বাহনসমূহ পুৰণি ডি এফ অ’ বাংলোৰ চৌহদ (ৰ’পৱে পইণ্ট)ত পাৰ্কিং কৰিব পাৰিব।
(ঘ) সংবাদকৰ্মীৰ অ’ বি বাহন : এই বাহনসমূহ টাউন ক্লাবৰ পাৰ্কিং স্থানৰ লগতে ফুড ভিলাৰ সন্মুখৰ মুকলি অংশত পাৰ্কিং কৰিব পাৰিব।
সংবাদ মাধ্যমৰ লোকসকলে টাউন ক্লাব প্ৰৱেশদ্বাৰেদি অনুষ্ঠানস্থলীত প্ৰৱেশ কৰিব পাৰিব।

আৰু পঢ়িব পাৰিব: হাজোত আৰক্ষী জোৱানক ড্ৰাগছ মাফিয়াৰ ছুৰীকাঘাত


আৰক্ষী-এছক’ৰ্টৰ যান-বাহনসমূহৰ পাৰ্কিং ব্যৱস্থা :
সকলো পাইলট-এছক’ৰ্টৰ বাহন তথা আৰক্ষী বিষয়া, নিৰাপত্তাৰক্ষী, পেৰেডত অংশগ্ৰহণ কৰা লোকসকলক অনা-নিয়া কৰা, সংবাদ মাধ্যমৰ লোকসকলৰ বাহনসমূহ তলত উল্লেখ কৰা স্থানত পাৰ্কিং কৰিব পাৰিব।
১। পুৰণি ডি এফ অ’ বাংলো চৌহদৰ মুকলি অংশ।
২। কমিচনাৰ পইণ্টৰ পৰা এন চি বি গল পৰ্যন্ত এইচ বি ৰোডৰ ওপৰত (কটন কলেজৰ দিশে)।
৩। পেৰেডত অংশগ্ৰহণ কৰা লোকসকলক অনা-নিয়া কৰা বাছসমূহে ক্ৰিকেট পেভিলিয়ানৰ কাষত তেওঁলোকক নমোৱাৰ পাছত লতাশিল থানাৰ সন্মুখত পাৰ্কিং কৰিব।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES