স্বাস্থ্যকৰ্মীক প্ৰহাৰ কৰি পলাল ক’ভিড আক্ৰান্ত, নগাঁৱত চাঞ্চল্য

নগাঁও : নগাঁৱত ভয়াৱহ ঘটনা। চিকিৎসাকৰ্মীক আক্ৰমণ কৰি পলাল ক’ভিড পজিটিভ লোক । নগাঁও চহৰৰ মাৰোৱাৰী হিন্দী হাইস্কুলৰ ক’ভিড স্ক্ৰীণিং চেণ্টাৰত সংঘটিত হৈছে এই ঘটনা। স্ক্ৰীণিং চেণ্টাৰটোত ক’ভিড পজিটিভ ৰূপে চিনাক্ত হোৱা জিনা দাসৰ লগত যোৱা ঋষিকেশ মহন্ত নামৰ লোকজনে কৰ্তব্যৰত চিকিৎসাকৰ্মী ৰণিত দাস আৰু খুৰশ্বিদ আলমক শাৰীৰিকভাৱে আক্ৰমণ কৰি স্ক্ৰীণিং চেণ্টাৰটোৰ পৰা পলায়ন কৰাৰ লগতে ক’ভিড পজিটিভ জিনা দাসকো পলুৱাই লৈ যায়।

আৰু পঢ়িব পাৰিব:১৫ আগষ্টত পতাকা উত্তোলন কৰি এক ৰেকৰ্ড গঢ়িব প্ৰধানমন্ত্ৰী মোদীয়ে

জিনা দাস ক’ভিড পজিটিভ ৰূপে চিনাক্ত হোৱাৰ পিছতেই কমিউনিটী হেল্থ অফিচাৰ ৰণিত দাস আৰু লেব টেকনিচিয়ান খুৰশ্বিদ আলমক আক্ৰমণ কৰে ঋষিকেশ মহন্তই । এই ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে নগাঁৱত।

আৰু পঢ়িব পাৰিব:মৰণফাণ্ডত পৰিণত কামপুৰ-বৈঠালাংচু পথ : দুদিনত চাৰিটা দুৰ্ঘটনা

উল্লেখ্য যে, চিকিৎসাকৰ্মীক প্ৰহাৰ কৰি পলায়ন কৰা ঋষিকেশ মহন্তৰ ঘৰ হৈছে নগাঁও চহৰৰ ঢাকাইপট্টিৰ মতিৰাম বৰা হাইস্কুলৰ সমীপত।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES