স্বাস্থ্যকৰ্মীৰ মৰ্জিত ‘নিগেটিভ’ লোকো হয় ‘পজিটিভ’ : কি ক’লে যুৱতীয়ে ?

গুৱাহাটী :  স্বাস্থ্য বিভাগৰ নাভূত-নাশ্ৰুত কাণ্ড সংঘটিত হৈছে ৰাজ্যখনত। কৰ’না নিগেটিভ বুলি ৰিপ’ৰ্ট অহা যুৱতীক পজিটিভ সজালে স্বাস্থ্য বিভাগে। ২১ জুনত দিল্লীৰ পৰা আহিছিল অঞ্জলি গুপ্তা নামৰ যুৱতীগৰাকী। ছয়মাইলৰ ‘হোটেল লীলী’ত কোৱাৰাণ্টাইনত ৰখা হৈছিল অঞ্জলিক।

আৰু পঢ়িব পাৰিব : ৫১লাখটকীয়া বাইকত দেশৰ মুখ্য ন্যায়াধীশ, আলোকচিত্ৰ ভাইৰেল

২৭ জুনত যুৱতীগৰাকীৰ নমুনা পৰীক্ষাৰ ফলাফলত নিগেটিভ আহিছিল। লগে লগে যুৱতীগৰাকীক কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰি দিছিল স্বাস্থ্য বিভাগে। লামডিঙত ঘৰ হোৱা বাবে সন্ধিয়া ঘৰলৈ যাবলৈ অমান্তি হৈছিল অঞ্জলি। সেই কথাক লৈ স্বাস্থ্যকৰ্মীৰে তৰ্কযুদ্ধত লিপ্ত হৈছিল অঞ্জলি।

আৰু পঢ়িব পাৰিব : এ এছ টি চি বাছৰ পিক্আপ পইণ্ট ঘোষণা ! যাত্ৰাৰ বাবে পঞ্জীয়নৰ সুবিধা গুৱাহাটীবাসীলৈ

ৰহস্যজনকভাৱে দুঘণ্টাৰ পাছত অঞ্জলিক ক’ভিড পজিটিভ বুলি কৈছিল স্বাস্থ্যকৰ্মীয়ে। বলপূৰ্বকভাৱে অঞ্জলিক লৈ যোৱা হৈছিল জিএমচিএইচৰ ক’ভিড ৱাৰ্ডলৈ। দুটাকৈ নিশা জিএমচিএইচত ৰাখি সোমবাৰে যাবলৈ দিয়ে অঞ্জলিক। উপৰোক্ত ঘটনা সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী অঞ্জলিয়ে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES