১৫ আগষ্টত পতাকা উত্তোলন কৰি এক ৰেকৰ্ড গঢ়িব প্ৰধানমন্ত্ৰী মোদীয়ে

নতুন দিল্লী: লালকিলাত পতাকা উত্তোলন কৰি এইবাৰ এক ৰেকৰ্ড গঢ়িব প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ ১৫ আগষ্টৰ দিনা মোদীয়ে গঢ়িব এই ৰেকৰ্ড৷ লালকিলাত সৰ্বাধিকবাৰ পতাকা উত্তোলন কৰাৰ সৌভাগ্যৰ অধিকাৰী হৈ অভিলেখ গঢ়িব নৰেন্দ্ৰ মোদীয়ে৷ একেৰাহে সাতবাৰকৈ জাতীয় পতাকা উত্তোলন কৰাৰ বাবেই ইতিহাসত নাম লিপিবদ্ধ হ’ব নৰেন্দ্ৰ মোদীৰ৷

আৰু পঢ়িব পাৰিব: মৰণফাণ্ডত পৰিণত কামপুৰ-বৈঠালাংচু পথ : দুদিনত চাৰিটা দুৰ্ঘটনা

লালকিলাত একেৰাহে সৰ্বাধিকবাৰ পতাকা উত্তোলন কৰাৰ তালিকাৰ চতুৰ্থ স্থানত থাকিব নৰেন্দ্ৰ মোদীৰ নাম৷ এই তালিকাৰ প্ৰথম স্থানত আছে ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী, ইয়াৰ পাছতেই আছে ক্ৰমে ইন্দিৰা গান্ধী আৰু মনমোহন সিঙৰ নাম৷ উল্লেখ্য যে দেশে স্বাধীনতা লাভ কৰাৰ পাছত ১৫ আগষ্টৰ দিনা লালকিলাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ সৌভাগ্য একাধিকবাৰ বিভিন্নজন প্ৰধানমন্ত্ৰীয়ে লাভ কৰিছে৷

আৰু পঢ়িব পাৰিব: ষড়যন্ত্ৰ অব্যাহত! গেহলট চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱৰ বাবে সাজু বিজেপি

কিন্তু এনে প্ৰধানমন্ত্ৰীও আছে যি এবাৰো স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰাৰ সৌভাগ্যৰ অধিকাৰী হ’বলৈ নাপালে৷ জৱাহৰলাল নেহৰুৱে ১৭ বাৰ, ইন্দিৰা গান্ধীয়ে ১১ বাৰ আৰু মনমোহন সিঙে ১০ বাৰ স্বাধীনতা দিৱসৰ দিনা লালকিলাত পতাকা উত্তোলন কৰাৰ সৌভাগ্য অৰ্জন কৰিছিল৷ কিন্তু ইয়াৰ বিপৰীতে সীমিত কাৰ্যকালৰ বাবে এই সুযোগ এবাৰো নাপালে গুলজাৰি লাল নন্দা, লাল বাহাদুৰ শাস্ত্ৰী আৰু চন্দ্ৰশেখৰ সিঙে৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES