’২১ৰ নিৰ্বাচনী যুঁজ : বিজেপিৰ বিৰুদ্ধে একত্ৰিত হ’বনে বহুধাবিভক্ত বিৰোধী শক্তি?

গুৱাহাটী : ক’ভিড সন্ত্ৰাসৰ মাজতে ৰাজ্যত আৰম্ভ হৈছে ৰাজনৈতিক যুঁজৰ আখৰাও। ২১ৰ নিৰ্বাচনলৈ মাজত কেইটামান মাহ থকাৰ অৱস্থাত স্বাভাৱিকতেই বিভিন্ন ৰাজনৈতিক দলে নিজৰ ৰণকৌশল সাজু কৰাৰ বাবে অগ্ৰসৰ হৈছে। বিজেপিৰ প্ৰথমটো শাসনকালৰ দোষ-ত্ৰুটিক মূল আধাৰ হিচাপে লৈ বিৰোধী দলসমূহে নিজৰ বাট মসৃণ কৰাৰ বাবে চেষ্টা আৰম্ভ কৰিছে। মূল্যবৃদ্ধি, নদীবান্ধ, বান-খহনীয়া, খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা, এনআৰচি সঠিকভাৱে প্ৰণয়নত ব্যৰ্থতা, ‘কা’গৃহীত কৰা আদিৰ দৰে শাসকীয় দলৰ নানা দোষ-দুৰ্বলতাক আধাৰ হিচাপে লৈ যে, বিৰোধী দলে এই যুঁজৰ বাবে সাজু হৈছে সেয়া নিশ্চিত। শেহতীয়াকৈ ইয়াৰ সৈতে চামিল হৈছে কোভিড পৰিস্থিতি সম্পৰ্কীয় বিভিন্ন অভিযোগ।

আৰু পঢ়িব পাৰিব: নতুন প্ৰজন্মই পিন্ধাব ন-সাজ: এইবাৰ ডিজিটেল ৰূপত ‘বুঢ়ী আই’

কোভিড ব্যৱস্থাপনা সঠিক নোহোৱা তথা অপৰিকল্পিত লকডাউনৰ দৰে ব্যৱস্থাই মাধমাৰ শোধোৱা সাধাৰণ লোকৰ দুৰৱস্থাৰ দৰে বিষয়বোৰ লৈ এতিয়া শাসকীয় দলক জবাবদিহি কৰিবলৈ আৰম্ভ কৰিছে বিৰোধী দলে। অৱশ্যে বিৰোধী বুলিলে কেৱল কংগ্ৰেছে এতিয়া বুজিব লাগিব। কিয়নো আন প্ৰায়বোৰ অবিজেপি শক্তিয়েই বিজেপিৰে প্ৰত্যক্ষ বা পৰোক্ষভাৱে চামিল হৈ আছে। ‘কা’বিৰোধী আন্দোলনৰ সময়ত ‘কা’ বিৰোধী শক্তিসমূহে বিজেপিৰ প্ৰতি প্ৰবল প্ৰত্যাহ্বান আনিব পাৰে বুলি ভবা হৈছিল যদিও এই সম্ভাৱনা এতিয়া স্তিমিত হৈ পৰা দেখা গৈছে। জোৰ-জুলুমকৈ, নিৰীহৰ তেজেৰে ৰাজপথ ৰঙা কৰি বিজেপি চৰকাৰে ‘কা’ গৃহীত কৰিলে যদিও ইয়াক ৰূপায়নৰ দিশত অজ্ঞাত কাৰণত পিঠি দিলে। এতিয়া ‘কা’ৰ ম্যাদ উকলি গ’ল। গতিকে ইয়াক এটা নতুন দৃষ্টিকোণেৰে বিজেপিয়ে ৰাইজৰ সন্মুখলৈ অনাৰ সম্ভাৱনা আছে।

আৰু পঢ়িব পাৰিব: আৰক্ষীৰ অভিযানত উৎখাত হস্তনিৰ্মিত অস্ত্ৰৰ কাৰখানা

ইফালে ‘কা’বিৰোধী শক্তিবোৰ বহুধা বিভক্ত হৈ পৰাৰ ফলত ‘কা’ বিৰোধী এখন উমৈহতীয়া মঞ্চ গঠনৰ সম্ভাৱনাও স্তিমিত হৈ পৰিছে। প্ৰথমৰে পৰা বিভিন্ন স্তৰত চলি থকা আন্দোলনত সাধাৰণ জনতাই স্বতঃস্ফূৰ্তভাৱেই জঁপিয়াই পৰিছিল যদিও পিছলৈ এই উৎসাহ স্তিমিত হোৱা দেখা গ’ল আৰু ই একাংশ নেতাৰ ৰাজনৈতিক ভেটি নিৰ্মাণৰ কুচকাৱাজলৈ পৰ্যবসিত হোৱাৰ আশংকা দেখা গ’ল। সেইকাৰণেই হয়তো ‘কা’বিৰোধী শক্তিৰ একত্ৰীকৰণ সম্ভৱ হৈ নুঠিল। এতিয়া ‘কা’বিৰোধৰ মঞ্চৰ পৰা গৈ ৰাজ্যসভাৰ সাংসদ হ’ল অজিত কুমাৰ ভূঞা। তেওঁৰ নেতৃত্বতে ‘আঞ্চলিক গণ মৰ্চা’ নামেৰে এখন ৰাজনৈতিক মঞ্চও গঠন কৰা হৈছে আৰু ইয়াৰ জৰিয়তে সকলো আঞ্চলিকতাবাদী শক্তিক একত্ৰিত কৰাৰ কথা তেওঁলোকৰ মঞ্চৰ পৰা কোৱা হৈছে।

আৰু পঢ়িব পাৰিব: হাছিন জাহাক ধৰ্ষণ হত্যাৰ ভাবুকি : পুনৰ বিতৰ্কত ক্ৰিকেটাৰ মহম্মদ ছামীৰ পত্নী

কিন্তু সেই কতা ইমান সহজ নহয়। ‘কা’বিৰোধী মঞ্চৰ পৰা যোৱা বুলি ক’ব খোজা হ’লেও এইকথা লুকুৱাই ৰখাটো সম্ভৱ নহয় যে, ভূঞা আছিল কংগ্ৰেছ-এআইইউডিএফৰ উমৈহতীয়া প্ৰাৰ্থী। ৰাষ্ট্ৰীয় দল দুটাৰ ভোটেৰে তেওঁ ৰাজ্যসভালৈ গৈছে। এনে পৰিপ্ৰেক্ষিতত তেওঁ নেতৃত্ব দিয়া মঞ্চ এখনলৈ সকলো আঞ্চলিক আৰু জাতীয়তাবাদী দল সংগঠনে সমৰ্থন দিব নে নাই সেই কথা নিশ্চিত নহয়। এইকথা এইবাবেই আমি ভাবিবলগীয়া হৈছে যে, অলপতে এখন কাকতত প্ৰকাশিত এটা সাক্ষাৎকাৰত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কৈছে, আছু, যুৱ ছাত্ৰ পৰিষদ আদিৰ দৰে সংগঠনৰ তৎপৰতাত এটা নতুন ৰাজনৈতিক দল গঠন কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূ্ৰ্ণ হৈছে। এই দলটোৱে ৰাষ্ট্ৰীয়তাবাদী আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ পৰা স্পষ্ট দূৰত্ব বজাই ৰাখিব বুলি মন্তব্য কৰিছে। নামধৰি নক’লেও এইকথা স্পষ্ট যে, তেওঁ কংগ্ৰেছ আৰু এ আই ইউ ডি এফলৈকে ইংগিত কৰিছে।

আৰু পঢ়িব পাৰিব: বিপদ বাঢ়িছে ৰিয়াৰ! পিতৃ-ভাতৃ সহিতে আজি পুনৰ ইডিৰ জেৰা

আঞ্চলিক গণমৰ্চাৰ প্ৰতিও তেওঁলোকৰ সমৰ্থন যে নাই সেই কথাও তেওঁ পৰোক্ষভাৱে সাক্ষাৎকাৰটোত কৈছে। এনে পৰিপ্ৰেক্ষিতত ‘কা’বিৰোধী বুলি চিহ্নিত শক্তিৰ মাজতে দুটা স্পষ্ট বিৰোধ দেখা গৈছে। কেৱল এয়াই নহয় অখিল গগৈৰ নেতৃত্বাধীন ‘কৃষক মুক্তি সংগ্ৰাম সমিতি’ৰ নেতৃত্বতো ৰাজনৈতিক দল গঠনৰ প্ৰসংগ উত্থাপন হৈছে। তেওঁলোকেও স্বতন্ত্ৰ পৰিচয়ৰ গঢ়াৰ বাবেই কাম কৰাৰ সম্ভাৱনা স্পষ্ট। এনে পৰিপ্ৰেক্ষিতত ‘কা’বিৰোধী শক্তিবোৰ একত্ৰিত হোৱাৰ সম্ভাৱনা তেনেই কম। ইফালে অগপ, বিপিএফকে ধৰি আন ভালেমান সৰু-বৰ আঞ্চলিক তথা জনগোষ্ঠীয় ৰাজনৈতিক দল বিজেপিৰ ছত্ৰছায়াতে আছে।

আৰু পঢ়িব পাৰিব: হাজোত শ্ৰমিকৰ ওপৰত দুর্বৃত্তৰ আক্ৰমণ : গুৰুতৰভাৱে আহত ৮

এনে পৰিপ্ৰেক্ষিতত বিজেপিৰ কাৰণে প্ৰত্যাহ্বান সৃষ্টি কৰিব পৰা উমৈহতীয়া বিৰোধী শক্তি এটা কেনেকৈ গঢ় ল’ব সেয়া অনিশ্চিত হৈ ৰৈছে। আজিৰ পৰিস্থিতিত কোনো এটা দলেই অকলে বিজেপিৰ প্ৰতিহত কৰিব বুলি কোৱাটো অতি অবাস্তৱ হ’ব যেনেই লাগে। এইকথা বুজি উঠিয়েই কংগ্ৰেছে এআইইউডিএফকে ধৰি আন সকলো সমভাৱাপন্ন দলক লগত লৈ এটা মহাজোঁট গঠনৰ কথা কৈছে। কিন্তু এই মহাজোঁটৰ অংশীদাৰ কোন কেনেকৈ হ’ব সেয়া এতিয়াই স্পষ্ট হোৱা নাই। ইফালে কংগ্ৰেছ-এআইইউডিএফৰ মুকলি মিত্ৰতাক অসমৰ খিলঞ্জীয়া ৰাইজে কিধৰণে গ্ৰহণ কৰে সেয়াও এক লক্ষ্যণীয় বিষয় হ’ব। এইকথা ঠিক যে, বিজেপিক প্ৰত্যাহ্বান জনাব লাগিলে কংগ্ৰেছৰ নেতৃত্বতেই সেয়া সম্ভৱ হ’ব পাৰে কিয়নো বা…

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES