যুৱতীৰে ‘ভুৱা’ প্ৰেম, পাঁচবাৰ অন্তসত্ত্বা… প্ৰাক্তন আছু নেতাৰ কলংকিত কাহিনী

নলবাৰী : এগৰাকী দুৰ্ভগীয়া যুৱতী৷ এজন বিবাহিত লোকৰ সৈতে প্ৰেমৰ ভুৱা সম্পৰ্কত বান্ধ খোৱা যুৱতীগৰাকী এতিয়া দিকহাৰা ৷ মৃদুল ডেকা নামৰ এজন লোকৰ প্ৰতাৰণাৰ জালত বন্দী যুৱতীগৰাকী ৭বছৰত ৫বাৰ অন্তঃসত্ত্বা হৈছিল যদিও প্ৰেমিকৰ কথা মতে সকলো ইমানদিনে গোপনে ৰাখিছিল ৷ কিন্তু এতিয়া লোকজনৰ সকলো চাতুৰি পোহৰলৈ অহাত ন্যায় বিচাৰি হাবাথুৰি খাইছে যুৱতীগৰাকীয়ে ৷ প্ৰাক্তন আছু নেতা তথা বৰ্তমানৰ অগপ কৰ্মী মৃদুল ডেকাই দীৰ্ঘদিনে শাৰিৰীক শোষণ কৰি আহিছিল যুৱতীগৰাকীক ৷ দুটা সন্তানৰ পিতৃ ধুৰন্ধৰ মৃদুল চৰকাৰী চাকৰিয়াল হোৱাৰ উপৰি চলাইছিল কেইবাটাও ব্যৱসায়।

আৰু পঢ়িব পাৰিব : সামাজিক বিপ্লৱৰ প্ৰভাৱ : ‘ফেয়াৰ এণ্ড লাভলী’ৰ নাম সলনি কৰাৰ সিদ্ধান্ত

উল্লেখ্য যে, নলবাৰী চহৰত অৱস্থিত মৃদুলৰ ব্ৰাইট অফচেট প্ৰেছত ২০১৪ চনতে কৰ্মত নিয়োজিত হৈছিল এইগৰাকী যুৱতী।কিন্তু কাম কৰি থকাৰ মাজতে চতুৰ মৃদুলে চলে-বলে-কৌশলে যুৱতীগৰাকীক প্ৰেমত পেলাবলৈ সক্ষম হৈছিল আৰু তাৰ পাছতে ভুৱা বিবাহৰ প্ৰস্তাৱ দি চলাই গৈছিল শাৰীৰিক সম্পৰ্ক।

অভিযোগ অনুসৰি, সাত বছৰীয়া এই ভুৱা সম্পৰ্কত যুৱতীগৰাকী পাঁচবাৰতকৈ অন্তঃসত্ত্বা হৈছিল আৰু সকলো প্ৰমাণ গোপনে ৰখাৰ স্বাৰ্থত মৃদুলে কৰি গৈছিল ভ্ৰূণ হত্যা। কিন্তু এইবাৰ অন্তঃসত্ত্বা হোৱাৰ চাৰিমাহ পাৰ হৈ যোৱাৰ পাছত মৃদুল ডেকাৰ সকলো দুৱাৰ যেন বন্ধ হৈ পৰিছিল।চতুৰ মৃদুলে সেই সময়ত দিক্‌বিদিক হেৰুৱাই যুৱতী গৰাকীক বিভিন্ন ধৰণে ভাবুকি দিয়ে আৰু তাৰ পাছতে পোহৰলৈ আহে মৃদুলৰ কাৰ্য-কলাপ।

আৰু পঢ়িব পাৰিব : দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী জাহিদ দাছ নিহত : হত্যা কৰিছিল ছবছৰীয়া শিশুসহ জোৱান

অসহায় যুৱতীগৰাকী বৰ্তমান সাতমহীয়া অন্তঃসত্ত্বা। পিতৃ অবিহনে জন্ম দিবলৈ ওলাইছে এটি সন্তান।।অন্যহাতে ন্যায় বিচাৰি যোৱা ১৫ জুনত দুৰ্ভগীয়া যুৱতীগৰাকীয়ে মাতৃ আৰু ভগ্নীৰ সহায়ত নলবাৰী সদৰ থানাত ৩১৮/২০ নম্বৰৰ অধীনত ৩৭৬/৪২০/৩১২ আই পি চি ধাৰাত এটি গোচৰ ৰুজু কৰে।।আৰু এই জামিনবিহীন গোচৰৰ পাছতে বৰ্তমান পলাতক অৱস্থাত আছে মৃদুল ডেকা। সম্প্ৰতি ঘটনা গাপ দিবলৈ একাংশক মেনেজ কৰাৰ কু-অভিসন্ধি ৰচনা কৰি পলাতক হৈ আছে মৃদুল ডেকা৷ মৃদুলে আত্মগোপন কৰা আৰু আৰক্ষীয়ে আজিলৈকে কৰায়ত্ত কৰিব নোৱাৰাটো ৰহস্যজনক হিচাপে চিহ্নিত হৈছে ৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES
Close
Close