ৰাজনৈতিক অস্থিৰতাৰ দিশে আন এখন মিত্ৰজোঁটশাসিত ৰাজ্য ! সলনি হ’ব চৰকাৰ?

মুম্বাই : আন এক ৰাজনৈতিক পট পৰিৱৰ্তনৰ দিশে অগ্ৰসৰ হৈছে মহাৰাষ্ট্ৰ! দেশৰ ভিতৰতে কৰ’না সংকটৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত ৰাজ্যখনত এতিয়া আৰম্ভ হৈছে ৰাজনৈতিক সংকট। বিৰোধী দল বিজেপিয়ে ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰিব লাগে বুলি দাবী কৰাৰ সময়তে চৰকাৰৰ অন্যতম গুৰি ধৰোঁতা এন চি পিৰ মুৰব্বী শাৰদ পাৱাৰৰ তৎপৰতাই তিনিদলীয় চৰকাৰখনত মতবিৰোধৰ আশংকা গাঢ় কৰি তুলিছে । ইয়াৰ মাজতে কংগ্ৰেছৰ প্ৰাক্তন সভাপিত ৰাহুল গান্ধীৰ মন্তব্য হৈ পৰিছে এনে সন্দেহৰ প্ৰধান উদ্দীপক ।

 

আৰু পঢ়িপাৰি :সন্দেহৰ আৱৰ্তত ট্ৰাম্পৰ টুইট : ভুৱা তথ্যৰে বিশ্বাসযোগ্যতা হেৰুৱাইছে মাৰ্কিন ৰাষ্ট্ৰপতিয়ে

 

ৰাহুলে মহাৰাষ্ট্ৰ চৰকাৰত কংগ্ৰেছৰ অংশগ্ৰহণ সমৰ্থনসূচকহে, সিদ্ধান্ত গ্ৰহণ কৰা পৰ্যায়ৰ নহয় বুলি কৰা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে । ৰাহুলে মন্তব্য কৰিছিল যে, ‘আমি মহাৰাষ্ট্ৰ চৰকাৰক সমৰ্থন জনাইছোঁ । কিন্তু আমি মূল সিদ্ধান্ত নিৰূপকৰ ভূমিকাত নাই। চৰকাৰ চলোৱা আৰু চৰকাৰক সমৰ্থন জনোৱাৰ মাজত পাৰ্থক্য আছে।’ ৰাহুলৰ এই মন্তব্যই ‘মহা বিকাশ আঘাড়ী’ চৰকাৰখনৰ সহযোগীসকলৰ মাজত সৃষ্টি হোৱা দূৰত্বৰ কথাক স্পষ্ট কৰি দিয়ে ।

ইফালে বুধবাৰে সহযোগী দলসমূহৰ সৈতে বৈঠকৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই । এই বৈঠকত কৰ’নাসৃষ্ট সংকট আৰু পৰৱৰ্তী পদক্ষেপ সম্পৰ্কেই আলোচনা কৰা হ’ব বুলি কোৱা হৈছে যদিও ইয়াৰ অন্তৰালত আন কিছুমান কাৰকৰো প্ৰভাৱ থকাটো অস্বীকাৰ কৰিব নোৱাৰি। মন কৰিবলগীয়া যে, মঙলবাৰে ‘মাতোশ্ৰীত’ আদিত্য থাকৰে আৰু সঞ্জয় ৰাৱটৰ উপস্থিতিত উদ্ধৱ থাকৰেৰ সৈতে প্ৰায় ডেৰ ঘণ্টীয়া আলোচনাত মিলিত হৈছিল শাৰদ পাৱাৰ। এই বৈঠকৰ সাৰমৰ্মও যে, লকডাউন সম্পৰ্কীয় বিষয়ক লৈ দল দুটাৰ মতবিৰোধ, সেই কথা স্পষ্ট হৈ পৰিছে ।

 

আৰু পঢ়িপাৰি :মথাউৰি নিৰ্মাণত অৱহেলা বিষয়া আৰু ঠিকাদাৰৰ, ৰাজ্যত এইবাৰো বানে ল’ব নেকি সংহাৰী ৰূপ?

 

তাৰ মাজতে ৰাহুল গান্ধীয়ে নিজৰ দলক এই সকলো বিষয়ৰ পৰা নিৰাপদ অৱস্থানত থিয় কৰোঁৱাটোৰ আছে বিশেষ তাৎপৰ্য । বিজেপিয়ে মহাৰাষ্ট্ৰৰ চৰকাৰৰ পতন ঘটোৱাৰ বাবে তৎপৰ হৈ পৰা বুলি শাসকীয় পক্ষৰ পৰা অভিযোগ উত্থাপন কৰা হৈছে আৰু ইয়াক ৰীতিমতে অস্বীকাৰ কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাড়নবিছে। তেওঁৰ মন্তব্যৰ সাৰমৰ্ম হৈছে, ‘চৰকাৰৰ পতন ঘটোৱাৰ বাবে বিজেপিৰ কোনো আগ্ৰহ নাই, কিন্তু নিজৰ মাজত থকা মতবিৰোধৰ বাবেই পতন হ’ব মহাৰাষ্ট্ৰৰ সন্মিলিত চৰকাৰৰ।’ এনে অভিযোগ প্ৰতি অভিযোগৰ মাজতে এন চি পি, শিৱসেনাই চৰকাৰৰ সহযোগীসকলৰ মাজত কোনো মনোমালিন্য হোৱা নাই বুলি স্পষ্ট কৰি দিছে। কিন্তু কংগ্ৰেছৰ এনে একাষৰীয়া অৱস্থানে এনে দাবীৰ মাজতো প্ৰশ্নবোধকৰ সৃষ্টি কৰিছে ।

ৰাজ্যখনত ৰাষ্ট্ৰপতিৰ শাসন বলৱৎ কৰাৰ বাবে কোনোধৰণৰ নিৰ্দেশনা নাই বুলি ৰাজ্যপালে স্পষ্ট কৰি দিছে যদিও চৰকাৰৰ সহযোগীসকলৰ মাজৰ দূৰত্ব বৃদ্ধিৰ সুযোগ ল’বলৈ তৎপৰ হৈ আছে বিজেপি।সমগ্ৰ দেশেই কৰ’না সংকটৰ সৈতে যুঁজ কৰি থকাৰ সময়ত মহাৰাষ্ট্ৰত ৰাজনৈতিক সংকটৰ এই উকমুকনি অতি অশুভ লক্ষণ হিচাপে চিহ্নিত হৈছে ।

 

 

অসমৰ দৈনন্দিন নতুন তথ্য লাভ কৰিবৰ বাবে অনুসৰণ কৰক আমাৰ প্ৰাগ নিউজ ফেচবুক পেজ আৰু প্ৰাগ নিউজ ইউটিউব চেনেল লগতে লাইভ টিভি পৰ্যবেক্ষন কৰক।

প্ৰাগ নিউজ ফেচবুক পেজ

প্ৰাগ নিউজ ইউটিউব চেনেল

Show More

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
Live Updates COVID-19 CASES
Close
Close