ৰাজ্যত পুনৰ জঘন্য ঘটনা: পুত্ৰৰ দাৰ ঘাপত প্ৰাণ হেৰুৱালে জন্মদাত্ৰীয়ে

বঙাইগাঁও : যান্ত্ৰিকতাৰ পিচত দৌৰি এতিয়া জীৱশ্ৰেষ্ঠই পাহৰিলৈ মমতাৰ আচল ৷ নাই জীৱশ্ৰেষ্ঠৰ মনত দয়া মৰম ভালপোৱাৰ স্থান৷ তাৰ পৰিবৰ্তে এতিয়া আৱেগ অনুভূতিশীল যন্ত্ৰ হৈ পৰিছে জীৱশ্ৰেষ্ঠ৷ ইয়াৰ উৎকৃষ্ঠ উদাহৰণ পোৱা গ’ল দেওবাৰে বঙাইগাঁও জিলাৰ অভয়াপুৰীত ৷

আৰু পঢ়িব পাৰিব: ধুবুৰীত প্ৰথমজন ক’ভিড-১৯ত আক্ৰান্তৰ মৃত্যু

অভয়াপুৰীৰ কাকৈজানাৰ ভাৱৰীয়াপাৰত পুত্ৰৰ দাৰ ঘাপত প্ৰাণ হেৰুৱালে মাতৃয়ে ৷ পুত্ৰ প্ৰভাস দেৱৰায় (৫০)নামৰ এজন ব্যক্তিয়ে দাৰে ঘপিয়াই হত্যা কৰে ৮৫বছৰীয়া মাতৃ সোমেশ্বৰী ৰায়ক ৷ এই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বঙাইগাঁৱত৷

আৰু পঢ়িব পাৰিব: বাংগালুৰুত হঠাৎ মৃত্য়ু স্বামীৰ, মৃতদেহ অসমলৈ অনাত সহায় বিচাৰিছে দুৰ্ভগীয়া পত্নীৰ

কি কাৰণত এই পুত্ৰ প্ৰভাসে এই ঘটনা সংঘটিত কৰিলে সেয়ে পোহৰলৈ অহা নাই ৷ আৰক্ষীয়ে ইতিমধ্যে মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে হত্যাকাৰী প্ৰভাসক গ্ৰেপ্তাৰ কৰে ৷

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES
Close
Close