ৰাষ্ট্ৰীয় হস্ততাঁত দিৱসত ৰজাঘৰে ভাবিছেনে শুৱালকুছিৰ কথা?

শুৱালকুছি: ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস। প্ৰতিবছৰে ৭ আগষ্টৰ দিনটোত দেশৰ বিভিন্ন অঞ্চলত উদযাপন কৰা হয় দেশৰ বৰ্ণিল হস্ততাঁত শিল্পক৷ পিছে কৰ’না মহামাৰীয়ে সকলো স্তৰৰ লোকক জুৰুলা কৰাৰ সময়ত কেনে আছে অসমৰ মানচেষ্টাৰখ্যাত শুৱালকুছি! ভাৰতৰ একমাত্ৰ গাঁও যি কেৱল হস্ততাঁতৰ জৰিয়তে বিশ্বৰ বুকুত এক সুকীয়া স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ শুৱালকুছি বস্ত্ৰ নগৰী, সোণালী সূতাৰ দেশ, ৰেছম গাঁও আদি নামেৰে বিভূষিত হৈছে।

আৰু পঢ়িব পাৰিব: “ৰাষ্ট্ৰীয় শিক্ষানীতিত শিক্ষক প্ৰশিক্ষণত বহুত গুৰুত্ব দিয়া হৈছে”- প্ৰধানমন্ত্ৰী মোদী

প্ৰসিদ্ধ ইতিহাস জড়িত থকা এই শিল্পটো এতিয়ালৈকে পৰিদৰ্শন কৰিছে বিশ্বৰ বহু দেশৰ পৰ্যটকে৷ জাতিৰ পিতা মহামানৱ মহত্মা গান্ধীৰ পৰা আৰম্ভ কৰি প্ৰয়াত প্ৰাক্তন ৰাষ্ট্ৰপতি আব্দুল কালাম আৰু ভাৰতীয় ৰাজনীতিৰ বহু ৰথী-মহাৰথীয়েও শুৱালকুছি পৰিদৰ্শন কৰিছে। পৰ্যটকে অসমৰ এই শিল্প দেখি মোহিত হৈ পৰে। যি শিল্পৰ কাৰিকৰী দিশ নিজ চকুৰে প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিছিল জাতিৰ পিতা মহত্মা গান্ধীও।মহাত্মা গান্ধীয়ে নিজে ক’বলৈ বাধ্য হৈছিল, ‘শুৱালকুছিৰ শিপিনীয়ে কাপোৰত সপোন ৰচে।’

আৰু পঢ়িব পাৰিব: সুপ্ত প্ৰতিভা বিকশিত কৰাত ব্যস্ত গহপুৰৰ দুই কিশোৰ

কিন্তু এই ইতিহাস প্ৰসিদ্ধ বস্ত্ৰ শিল্পৰ বৰ্তমান অৱস্থা কেনে? কেনেকৈ জীয়াই আছে শিল্পটো? ৰজাঘৰীয়াৰ অনিহাকে ধৰি এশ এবুৰি সমস্যাৰে জৰ্জৰিত শিল্পটোৰ বৰ্তমান সংকটজনক অৱস্থাৰ বাবে নৱ প্ৰজন্মৰ মাজত শিল্পটোৰ প্ৰতি দেখা গৈছে অনিহা৷ মাজে-সময়ে শিল্পটোক উদ্ধাৰৰ বাবে আছুকে ধৰি শিল্পটোৰ লগত জড়িত স্থানীয় দুই-এটা সংগঠনে বিভিন্ন সমস্যা চৰকাৰৰ দৃষ্টি গোচৰ কৰি আহিছে যদিও চৰকাৰৰ সু-পৰিকল্পনাৰ অভাৱত শিল্পটোৱে যিদৰে গুৰুত্ব পাব লাগিছিল তাৰো অভাৱ দেখা গৈছে।

আৰু পঢ়িব পাৰিব: পিতৃ-মাতৃ অবিহনে ১৪ বছৰীয়া কিশোৰীয়ে পোহপাল দিছে দুই ভাতৃ-ভগ্নীক

চৰকাৰেও মাজে-সময়ে আঁচনি ৰূপায়ণ কৰে যদিও বিভিন্ন কাৰণত প্ৰকৃত শিপিনীসকল বঞ্চিত হৈ আঁচনিৰ সুবিধাৰপৰা। যুগ যুগ ধৰি পৰম্পৰা জীয়াই ৰখা অসম গৌৰৱ এই শিল্পটোৰ বৰ্তমানৰ অৱস্থা দেখিলে এটা স্পষ্ট ধাৰণা কৰিব পাৰি যে শুৱালকুছিৰ তাঁতশিল্প অতি কম দিনৰ ভিতৰতে ধ্বংশৰ দিশে গতি কৰাতো নিশ্চিত।

Show More

Related Articles

Back to top button
Live Updates COVID-19 CASES