ছত্তীশগড়ৰ দান্তেৱাৰাত মাওবাদী আক্ৰমন ত মৃত্যুবৰন কৰে দুৰদৰ্শনৰ এজন কেমেৰাপাৰ্চনৰ লগতে তিনিজনকৈ লোক।কেমেৰাপাৰ্চনজনে ছত্তীশগড়ৰৰ বাস্তাৰ অঞ্চলত এটা উন্নয়নমুলক আচঁনিৰ বিষয়ে তথ্য গ্ৰহন কৰিবলৈ গৈছিল।
কেমেৰাপাৰ্চন অচুডানন্দ চাহু মঙলবাৰে ৰাতিপূৱা এজন আৰক্ষী বিষয়া ৰুদ্ৰপ্ৰতাপ আৰু সহকাৰী আৰক্ষী বিষয়া মংলোৰ সৈতে সেই অঞ্চলত উপস্হিত হয়।
আৰু পঢ়িব পাৰিব ৬০টা সংগঠনৰ নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ ক্ষেত্ৰত বিভোগী বিৰোধ প্ৰচাৰ প্ৰত্ৰিকা প্ৰদান।
এই ঘটনাটো সংঘটিত হৈছিল দান্তেৱাৰাৰ নীলাৱাৰা বনাঞ্চলত ১১.২০ মানত।ছত্তীশগড়ত আৰক্ষী অধীক্ষক ডি.এম আৱহিয়ে এই মাওবাদী অভিযানৰ সন্দৰ্ভত কয় যে,দান্তেৱাৰাৰ উন্নয়ন মুলক আচঁনিৰ তথ্য সংগ্ৰহৰ বাবে দিল্লীৰ দুৰদৰ্শনৰ পৰা এটা দল আহিছিল।
চি.আৰ.পি.এফৰ জোৱানে কয় যে,দুৰদৰ্শনৰ দলটো চৱ-আৰানপুৰৰ আৰক্ষী থানাৰ পৰা আৰক্ষী বিষয়াৰ লগতে গাতত প্ৰবেশ কৰিছিল আৰু তেতিয়াই তেওঁলোকৰ বাহন সমুহ মাওবাদীয়ে জব্দ কৰিছিল।
ঘটনাৰ সময়ত সেই অৱস্হাৰ বিষয়ে চি.আৰ.পি.এফে এটা জৰুৰীকালীন বাৰ্তা লাভ কৰিছিল।
তেওঁলোকে কয় যে,আমি যি স্হানত সংবাদকৰ্মী সকলক বন্দী কৰা হৈছিল সেই স্হান বিচাৰি উলিয়াবলৈ সক্ষম হৈছিলো।মাওবাদী সকলৰ সঁচা পৰিচয় উলিওৱাৰ লগতে আমি এই বিষয়ৰ ওপৰত অনুসন্ধান কৰিম আৰু যুঁজ দি যাম।
আৰু পঢ়িব পাৰিব দান্তেৱাৰাৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী ৰাথোৰে মাওবাদীৰ আক্ৰমনত মৃত্যু হোৱা কেমেৰা পাৰ্চনৰ পৰিয়ালৰলৈ ১৫ লাখ টকা ঘোষনা।
এই মাওবাদী আক্ৰমন সন্দৰ্ভত প্ৰসাৰ ভাৰতীয়ে মন্তব্য আগবঢ়াই যে,নিৰ্বাচনৰ ওপৰত বিশেষভাৱে প্ৰতিবেদন প্ৰস্তত কৰিবলৈ এই কেমেৰাদলটোক দায়িত্ব দিয়া হৈছিল,যত অচুতনন্দ চাহুও আছিল,সাংবাদিক ধিৰাজ কুমাৰ আৰু পোহৰ সহযোগী মৰ্মোক্ট শৰ্মা আছিল।এই সমগ্ৰ দলটো মাওবাদীৰ আক্ৰমনৰ সন্মুখীন হৈছে।
অসমৰ দৈনন্দিন বা-বাতৰি তথা নতুন তথ্য লাভ কৰিবৰ বাবে অনুসৰণ কৰক আমাৰ প্ৰাগ নিউজ ফেচবুক পেজ আৰু প্ৰাগ নিউজ ইউটিউব চেনেল লগতে লাইভ টি ভি পৰ্যবেক্ষন কৰক।