কলকাতা : সাহিত্য অকাডেমি বঁটাপ্ৰাপক বিশিষ্ট লেখিকা নবনীতা দেৱ সেনৰ ৮১ বছৰ বয়সত বৃহস্পতিবাৰে দক্ষিণ কলকাতাৰ নিজা বাসগৃহত মৃত্যু হয়৷ মৃত্যুৰ সময়ত দুগৰাকী কন্যা এৰি থৈ যায় লেখিকাগৰাকীয়ে৷
আৰু পঢ়িব পাৰিব : ৰোহিতৰ বিস্ফোৰক ৮৫ ৰাণৰ সহায়ত টি২০ত বাংলাদেশৰ লগত ১-১ সমতা স্থাপন ভাৰতৰ
কেন্সাৰ ৰোগত বহু বছৰৰ পৰা ভুগি শৰীৰৰ অধিকাংশ অংগই বিকল হৈ পৰা নবনীতাৰ কালি সন্ধিয়া ৭-৩৫ত শেষ নিশ্বাস ত্যাগ কৰে৷ বিশিষ্ট কবি, উপন্যাসিকা আৰু চুটি গল্প লেখিকা দেৱ সেনে ১৯৯৯ চনত তেখেতৰ ‘নব-নিতা’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল৷ইয়াৰ উপৰি তেওঁ ২০০০ লাভ কৰিছিল পদ্মশ্ৰী সন্মান৷
নবনীতা সেন বিখ্যাত কবি দম্পত্তি নৰেন্দ্ৰ দেৱ আৰু ৰাধাৰানি দেৱীৰ কন্যা আৰু সাহিত্যৰ ন’বেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ পত্নী৷ তেওঁ প্ৰেছিডেন্সি কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছিল৷ ইয়াৰ পাছতে পি এইড ডিগ্ৰীও লাভ কৰে লেখিকা দেব সেনে৷
আৰু পঢ়িব পাৰিব : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান নিষিদ্ধ হ’ল ধঁপাতজাতীয় সামগ্ৰী, নিয়ম ভংগ কৰিলে বিহিত ব্যৱস্থা
উল্লেখ্য যে উপন্যাসিকাগৰাকীয়ে যাদবপুৰ বিশ্ববিদ্যালয়ত অধ্যপনাও কৰিছিল৷ প্ৰায় ৮০ খনতকৈ অধিক বেংগলী ভাষাত গ্ৰন্থ প্ৰকাশ কৰিছিল৷ ১৯৫৯ত তেৰওঁ প্ৰথম কাব্য গ্ৰন্থ “প্ৰথম প্ৰত্যয়” প্ৰকাশ পাইছিল৷