Google search engine
30 C
Guwahati
Monday, August 2, 2021
Google search engine
Homeব্ৰেকিং নিউজদিল্লীত কৃষকৰ প্ৰতিবাদৰ সময়তে ট্ৰেক্টৰ বাগৰি পৰাত এজনৰ মৃত্যু

দিল্লীত কৃষকৰ প্ৰতিবাদৰ সময়তে ট্ৰেক্টৰ বাগৰি পৰাত এজনৰ মৃত্যু

নতুন দিল্লী: আজি কৃষকসকলৰ তীব্ৰ প্ৰতিবাদৰ সময়তে দিল্লীৰ ডিডিইউ মাৰ্গত এখন ট্ৰেক্টৰ বাগৰি পৰাৰ ফলত এজন লোকৰ মৃত্যু হয়। প্ৰতিবাদকাৰীসকলে সীমান্ত অঞ্চলত আৰক্ষীৰ বেৰিকেড ভাঙি দিল্লীৰ কেইবাটাও অঞ্চলত সংঘৰ্ষ কৰাত কৃষকসকলৰ প্ৰতিবাদে হিংসাত্মক ৰূপ লয়।

আৰু পঢ়িব পাৰিব : অভিশপ্ত ২৫ জানুৱাৰী: গুলীয়াই হত্যা দুগৰাকীকৈ সংগ্ৰামী যুৱকক

ঘটনাটোত এতিয়ালৈকে কেইবাজনো আৰক্ষী বিষয়াও আহত হৈছে৷ প্ৰতিবাদী কৃষকসকলৰ সৈতে সংঘৰ্ষৰ সময়ত দিল্লী আৰক্ষীৰ বিষয়াকেইজন আহত হয়। উল্লেখ্য, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰু জনতাক দূৰ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিছিল।

আৰু পঢ়িব পাৰিব : খানাপাৰা খেলপথাৰৰ গণৰাজ্য দিৱসত ৰাজ্যপাল-মুখ্যমন্ত্ৰী

হিংসাত্মক ঘটনাৰ বাবে, পূব আৰু উত্তৰ-পূব দিল্লীৰপৰা মধ্য দিল্লীলৈ যোৱা সকলো পথ আৰক্ষীয়ে অৱৰুদ্ধ কৰিছে। কোনো ট্ৰেফিকৰ অনুমতি দিয়া হোৱা নাই৷

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
30 °
30 °
79 %
0kmh
40 %
Mon
30 °
Tue
30 °
Wed
32 °
Thu
32 °
Fri
34 °

Watch latest Movies & TV Series on Prag Play

Most Popular