ডিজিটেল ডেস্কঃ চীনে বিদেশী নৌ আক্ৰমণ প্ৰতিহত কৰিবলৈ য়েল’ চিৰ গভীৰতাত পাতি থোৱা ফান্দত এতিয়া বন্দী হৈ পৰিছে নিজৰ দেশৰেই এখন জাহাজ। চীনৰ পাৰমাণৱিক শক্তিধৰ চাবমেৰিন এখন সেই ফান্দত লাগি ধৰা বুলি খবৰ বিয়পি পৰিছে। ফলস্বৰূপে, চাবমেৰিন খনৰ কেপ্টেইনসহ ৫৫ জন চীনা সৈন্যৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে।
ব্ৰিটেইনৰ এটা সংবাদ সংস্থাই এই কথা ৰাজহুৱা কৰিছে। কিন্তু চীনে দাবী কৰিছে যে খবৰটোৰ ভিত্তি নাই।ব্ৰিটেইনৰ পৰা প্ৰকাশিত ডেইলী মিৰ'ৰে ব্ৰিটেইনৰ গুপ্তচৰ সংস্থাৰ প্ৰতিবেদনৰ ভিত্তিত সেই খথবৰ প্ৰকাশ কৰিছে। বাতৰিটোত দাবী কৰা হৈছে যে ব্ৰিটিছ জাহাজৰ চলাচল বন্ধ কৰিবলৈ য়েল’ চিত চীনে ফান্দ স্থাপন কৰিছিল। সেই ফান্দতে চীনৰ নৌসেনাৰ চাবমেৰিন খন আবদ্ধ হৈ পৰে।
কেনেবাকৈ চাবমেৰিনৰ অক্সিজেন যোগান ব্যাহত হ’লেই তাত থকা লোককেইজনৰ মৃত্যু হ’ব পাৰে বুলি আশংকা কৰা হৈছে। পিএলএ নেভি চাবমেৰিন ০৯৩-৪১৭ ৰ আটাইকেইজন লোকৰে মৃত্যু হোৱা বুলিয়েই বাতৰিটোত আশংকা প্ৰকাশ কৰা হৈছে।
ব্ৰিটেইনৰ চোৰাংচোৱা সংস্থাৰ এক প্ৰতিবেদন অনুসৰি অক্সিজেনৰ অভাৱত তাত থকা লোক কেইজনৰ মৃত্যু ঘটা বুলি কোৱা হৈছে। অৱশ্যে, চীনা কৰ্তৃপক্ষই এই ঘটনা সম্পূৰ্ণৰূপে অস্বীকাৰ কৰিছে। তেওঁলোকে দাবী কৰে যে ব্ৰিটেইনৰ প্ৰতিবেদন সম্পূৰ্ণ মিছা।