spot_img
20 C
Guwahati
20 C
Guwahati
শনিবাৰ, ডিচেম্বৰ 4, 2021
Homeৰাষ্ট্ৰীয়সাফল্যৰ হাঁহি! পৰীক্ষাত ১০০ৰ ভিতৰত ৮৯ নম্বৰ লাভ কৰি চমক ১০৪ বছৰীয়া...

সাফল্যৰ হাঁহি! পৰীক্ষাত ১০০ৰ ভিতৰত ৮৯ নম্বৰ লাভ কৰি চমক ১০৪ বছৰীয়া আইতাৰ

ডিজিটেল ডেস্কঃ শিক্ষাৰ কেতিয়াও শেষ নাই। জীৱনৰ অন্তিম সময়লৈকে মানুহে কিবা নহয় কিবা শিকিব পাৰে,সেয়েহে কোৱা হয় শিক্ষাৰ কোনো বয়স নাথাকে। কেৰালাৰ এগৰাকী ১০৪ বছৰীয়া আইতাই তাকেই প্ৰমাণ কৰি দেখুৱালে।আইতাগৰাকীৰ নাম কুট্টিয়াম্মা। কেৰালাৰ ৰাজ্যিক সাক্ষৰতা অভিযানৰ পৰীক্ষাত ১০৪ বছৰীয়া কুট্টিয়াম্মাই ১০০ৰ ভিতৰত ৮৯ নম্বৰ লাভ কৰি একপ্ৰকাৰ চমক সৃষ্টি কৰে।

সমগ্ৰ দেশৰে অনুপ্ৰেৰণাৰ উৎস হৈ পৰিল কেৰালাৰ কুট্টিয়াম্মা।কেৰালাৰ শিক্ষা আৰু শ্ৰম বিভাগৰ মন্ত্ৰী বাসুদেবন শিবনকুট্টিয়ে আইতাগৰাকীৰ এই সাফল্যৰ কথা টুইটাৰত শ্বেয়াৰ কৰি সকলোকে জনায়। পৰীক্ষাত ইমান নম্বৰ পোৱাৰ বাবে বাসুদেবন শিবনকুট্টিয়ে শুভেচ্ছা জনাইছে আইতাগৰাকীক।

অনুপ্ৰেৰণাৰ উৎস , সাহসৰ সমল ১০৪ বছৰীয়া কুট্টিয়ামা

তেওঁক সকলোৱে এতিয়া শুভকামনাৰে উপচাই পেলাইছে। উল্লেখ্য যে কেৰালা চৰকাৰৰ সাক্ষৰতা অভিযান এক লেখত লবলগীয়া অভিযান হিচাপে জনাজাত। সেই প্ৰচেষ্টাতে বৰ্তমান সোণত সুৱগা চৰালে আইতা কুট্টিয়ামাই। সফলতা অৰ্জন কৰাৰ পাছত কুট্টিয়াম্মাৰ মুখৰ খোলা হাঁহিটিয়ে এতিয়া সকলোৰে মন মুহিছে। আইতাগৰাকীক বহুতেই প্ৰেৰণাৰ উৎস হিচাপে লৈছে।

আৰু পঢ়কঃ ধোঁৱা ধোঁৱা চহৰ…দিল্লীৰ উশাহত কোনে মিলালে জহৰ?

অধ্যৱসায়ৰ ফল সদায় মিঠা…তাকে প্ৰমাণ কৰি দেখুৱালে কেৰালাৰ কুট্টিয়ামাই

কুট্টিয়াম্মাই প্ৰমাণ কৰিছে যে যেতিয়া মানুহে কিবা কৰিবলৈ আগ্ৰহী হয় তেতিয়া বয়স কোনো বাধা নহয়। কুট্টিয়াম্মা কেতিয়াও বিদ্যালয়লৈ যোৱা নাছিল আৰু আগতে পঢ়িব বা লিখিব পৰা নাছিল। কেৱলমাত্ৰ নিজৰ মনৰ জোৰত কিছুদিন পঢ়া-শুনা কৰি এই পৰীক্ষাত সাফল্য অৰ্জন কৰি তেওঁ এতিয়া চতুৰ্থ শ্ৰেণীত পঢ়িব পৰাকৈ যোগ্যতা অৰ্জন কৰিলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular