spot_img
27 C
Guwahati
27 C
Guwahati
সোমবাৰ, নৱেম্বৰ 29, 2021
Homeআঞ্চলিকমুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুঁটি প্ৰকল্পৰ বাবে কাইলৈ অসম পাবহি ১০৮জনী গীৰ গাই

মুখ্যমন্ত্ৰীৰ সপোনৰ গৰুখুঁটি প্ৰকল্পৰ বাবে কাইলৈ অসম পাবহি ১০৮জনী গীৰ গাই

ডিজিটেল ডেস্কঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সপোনৰ গৰুখুঁটিত অচিৰেই সূচনা হ’ব কৃষি বিপ্লৱৰ। বেদখলকাৰীক উচ্ছেদ কৰি দখলমুক্ত কৰা চৰকাৰী ভূমিত আৰম্ভ হৈছে কৃষি বিপ্লৱ। মাহ, সৰিয়হ, গোমধান, শাক-পাচলি উৎপাদনৰ কাম আৰম্ভ হৈছে গৰুখুটিত। সুখৰ খবৰটো হ’ল কাইলৈ অসম পাবহি ১০৮জনী গীৰ গাই।গৰুখুঁটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা অনা হৈছে এই গীৰ গাই। অসম চৰকাৰে এদিনত ১০ লাখ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য স্থিৰ কৰিছে।

এই গৰুখুঁটি প্ৰকল্পতে মাছ,মাংস,কণী,হাঁহ কুকুৰা,পাৰ,গাহৰি সকলো হ’ব উপলব্ধ। বেদখলমুক্ত ভূমিত আৰম্ভ হ’ব হস্ততাঁত প্ৰকল্পও। গৰুখুঁটি প্ৰকল্পক উদ্দ্যেশি গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকাই কয় যে-আমাৰ খিলঞ্জীয়াই পথাৰ-বজাৰ সকলো দখল কৰিব লাগিব।’’

আৰু পঢ়কঃ জ্যোতি চিত্ৰবনৰ নতুন অধ্যক্ষ বিদ্যাসাগৰ; দায়িত্ব গ্ৰহণ কৰিয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ সৈতে এলানি আলোচনাত মিলিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে। পদ্ম হাজৰিকাৰ নেতৃত্বত ইতিমধ্যে অসম চৰকাৰৰ কৃষি আৰু পশুপালন বিভাগৰ চিকিৎসকৰ দল এটা গুজৰাটত উপস্থিত হৈ গুজৰাটৰ পশুপালন মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছিল।

অহা মাৰ্চৰ ভিতৰত পুনৰ ৫০০ গাই অসমলৈ অনা হ’ব। অসমৰ জলবায়ু পৰিৱেশৰ সৈতে খাপ খাবলৈ সক্ষম হ’লে পুনৰ অনাৰ ব্যৱস্থা কৰিব। অসমৰ বায়ু-পানীৰ সৈতে গীৰ গাই খাপ খাবলৈ সক্ষম হ’ব নে নাই সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব। অসম চৰকাৰৰ এই পদক্ষেপক একমুখে শলাগিছে সচেতন মহলে। এই প্ৰকল্পৰে অসমৰ অৰ্থনৈতিক ভেটিও মজবুত হ’ব বুলি আশা কৰিব পাৰি।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular