Google search engine
35 C
Guwahati
Thursday, August 5, 2021
Google search engine
Homeব্ৰেকিং নিউজপ'লিঅ' ড্ৰপৰ ঠাইত খুৱালে ছেনিটাইজাৰ: মহাৰাষ্ট্ৰত ১২টি শিশু চিকিৎসাধীন

প’লিঅ’ ড্ৰপৰ ঠাইত খুৱালে ছেনিটাইজাৰ: মহাৰাষ্ট্ৰত ১২টি শিশু চিকিৎসাধীন

মুম্বাই: মহাৰাষ্ট্ৰৰ এখন ভিতৰুৱা গাঁৱত প’লিঅ’ৰ ড্ৰপ দিয়াৰ নামত চৰম অৱহেলাৰ এক ঘটনা সংঘটিত হৈছে৷ মুম্বাইৰপৰা ৭০০ কিলোমিটাৰ নিলগৰ য়াৱাতমল জিলাৰ এখন গাঁৱত প’লিঅ’ ড্ৰপৰ ঠাইত ১২ টি শিশুক ছেনিটাইজাৰ খুওৱাৰ ঘটনা পোহৰলৈ আহিছে৷ শিশুকেইটিক বৰ্তমান এখন চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে৷

আৰু পঢ়িব পাৰিব : বালাকোট আক্ৰমণৰ পাছতে ষড়যন্ত্ৰ বৃদ্ধি পাকিস্তানৰ! লৈছে নতুন কৌশল

অভাৱনীয় ঘটনাটোৰ বাবে ৩ জনকৈ স্বাস্থ্যকৰ্মীৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও জানিবলৈ দিছে স্থানীয় প্ৰশাসনে৷ সৌভাগ্যৰ বিষয় যে ঘটনাটোত ভুক্তভোগী আটাইকেইজন শিশু এই পৰ্যন্ত জটিলভাৱে অসুস্থ হোৱা নাই৷ শিশুকেইটিৰ বয়স ৫ বছৰৰ তলৰ হোৱা বাবে তেওঁলোকক বিশেষ যত্নৰ প্ৰয়োজন হ’ব৷

আৰু পঢ়িব পাৰিব : ভাৰতৰ প্ৰতিষেধক কূটনীতি তুংগত : পাকিস্তানতো ব্যৱহাৰ হ’ব কোভিশ্বিল্ড

উল্লেখ্য যে, ঘটনাটো দেওবাৰে গাঁওখনৰ এটা প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰত ১-৫ বছৰ বয়সৰ শিশুৰ বাবে ৰাষ্ট্ৰীয় পালচ প’লিঅ’ প্ৰতিষেধক অভিযানৰ সময়ত সংঘটিত হৈছিল৷ জানিব পৰা মতে প’লিঅ’ ড্ৰপৰ ঠাইত ভুলতে ছেনিটাইজাৰ খুওৱাৰ ফলত এজন শিশুৱে বমি আৰু অসহজ অনুভৱ কৰাত বেমেজালিটো পোহৰলৈ আহে।

RELATED ARTICLES

Today's Weather

Guwahati
haze
35 ° C
36.4 °
35 °
59 %
0kmh
75 %
Thu
35 °
Fri
33 °
Sat
32 °
Sun
32 °
Mon
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular