spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeৰাষ্ট্ৰীয়যাত্ৰীবাহী বাছত ১৪ ফুট দীঘল অজগৰ; তাৰ পাছত এই পৰিস্থিতি...

যাত্ৰীবাহী বাছত ১৪ ফুট দীঘল অজগৰ; তাৰ পাছত এই পৰিস্থিতি…

ডিজিটেল ডেস্ক: সাপৰ সৰু-বৰ নাই। সাপ বুলিলেই মানুহে সাতজাঁপ মাৰে ভয়ত। তেনেক্ষত্ৰত এডাল বিশাল অজগৰৰে সহযাত্ৰা কৰাটো কল্পনা কৰিব পাৰেনে আপুনি? আপুনি বহি থকা গাড়ীৰ ছীটৰ তলতে সোমাই আছে এডাল বিশালকায় অজগৰ!

এখন ব্যক্তিগত যাত্ৰীবাহী বাছত একেলগে যাত্ৰা কৰিছিল এডাল ১৪ ফুট দীঘল অজগৰে। শুনিলেই ভয়লগা! তথ্য অনুসৰি উদয়পুৰৰ পৰা মুম্বাই অভিমুখী আছিল বাছখন। যাত্ৰীৰে পৰিপূৰ্ণ বাছখনে গতি লৈছিল গন্তব্য স্থানলৈ। সকলোৱে নিজৰ নিজৰ আসনত বহি নিৰ্বিঘ্নে আনন্দ লৈছিল যাত্ৰাৰ। তেওঁলোকৰ মাজতে থকা অনাকাংক্ষিত যাত্ৰীগৰাকীৰ উমঘামেই পোৱা নাছিল কোনোৱে। প্ৰায় ২৫০ কিলোমিটাৰ পথ অতিক্ৰম কৰা বাছখন আহমেদাবাদৰ এখন ধাবাত ৰয়। ইমানলৈকে সকলো ঠিকেই আছিল, এজন এজনকৈ যাত্ৰী বাছৰ পৰা নামিল। তেনেতে এগৰাকী যাত্ৰীয়ে বাছখনৰ ভিতৰত প্ৰত্যক্ষ কৰে বিশাল অজগৰডাল। যাত্ৰীগৰাকইয়ে চিঞৰ-বাখৰ কৰাত হুৱাদুৱা লাগে বাছখনৰ যাত্ৰীসকলৰ মাজত। পৰিস্থিতি অধিক ভয়াৱহ হোৱাৰ আগতে কিছুসংখ্যক যুৱকে সাপডাল উদ্ধাৰ কৰিবলৈ চেষ্টা চলায়। প্ৰায় আধাঘণ্টাযোৰা শ্বাসৰূদ্ধকাৰী অভিযানৰ অন্তত উদ্ধাৰ কৰা হয় বিশাল সাপডাল। অজগৰডালৰ দৈৰ্ঘ্য প্ৰায় ১৪ ফুট বুলি তেওঁলোকে দাবী কৰে। অজগৰডাল উদ্ধাৰৰ পাছতহে যাত্ৰীসকলে স্বস্তিৰ নিশ্বাস পেলায়। লগতে কিছুসংখ্যক লোকে ইয়াৰ ফটো আৰু ভিডিঅ’ লয় যিবোৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে।

বাছখনে যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বেই অজগৰডালে প্ৰৱেশ কৰা বুলি ঠাৱৰ কৰা হয়। অজগৰডালে কাকো একো অপকাৰ নকৰাকৈ ছীটৰ তলত অৱস্থান লয়। আশ্চৰ্যজনকভাৱে সাপডালে নীৰৱে অলপো লৰচৰ নকৰাকৈয়ে প্ৰায় ২৫০ কিলোমিটাৰ বাট ভ্ৰমণ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular