spot_img
26 C
Guwahati
26 C
Guwahati
দেওবাৰ, নৱেম্বৰ 28, 2021
HomeUncategorizedক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জাৰি ১৪৪ , বান্ধি দিয়া হৈছে এই...

ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি জাৰি ১৪৪ , বান্ধি দিয়া হৈছে এই নিয়মসমূহ…

ডিজিটেল ডেস্ক : ৰাজ্যত পুনৰ উদ্বেগজনক হাৰত বৃদ্ধি কৰ’নাৰ সংক্ৰমণ৷ আক্ৰান্ত হৈছে এখনৰ পাছত আনখন জিলাৰ লোক৷ ক’ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়াত ১৪৪ ধাৰা জাৰি কৰে প্ৰশাসনে৷ তিনিচুকীয়াৰ অতিৰিক্ত জিলা দণ্ডাধীশ মনজিৎ বৰকাকতীয়ে সমগ্ৰ জিলাখনত তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ ভাৰতীয় দণ্ডবিধি আইন ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞাৰ জাৰি কৰিছে।

জিলাখনত ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক সমৱেত হোৱা , প্ৰশাসনৰ অনুমতি অবিহনে সভা আয়োজন কৰা , ধৰ্ণা , প্ৰতিবাদী সমদল বাহিৰ কৰা, বাইকত দুজন লোক বহা আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰে৷ লগতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে প্ৰশাসনে ।

ইফালে দীপাৱলীৰ সময়ত আতচবাজী ব্যৱহাৰৰ ক্ষেত্ৰতো কিছু নীতি নিৰ্ধাৰণ কৰি দিছে প্ৰশাসনে। সেউজীয়া আতচবাজীৰ বাহিৰে আন আতচবাজী জিলাখনত নিৰ্মাণ ,বিক্ৰী বা ব্যৱহাৰৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে নিশা ৮ বজালৈকে আতচবাজীৰ ব্যৱহাৰৰ সময়সীমা বান্ধি দিছে জিলা প্ৰশাসনে । এই নিৰ্দেশনাসমূহ সমগ্ৰ জিলাখনতে পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থকাৰ লগতে কোনো ব্যক্তিয়ে নিষেধাজ্ঞাৰ ভংগ কৰিলে ভাৰতীয় দণ্ড বিধি আইন ১৮৮ ধাৰাৰ অধীনত দণ্ডিত কৰিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular