spot_img
13 C
Guwahati
13 C
Guwahati
মঙলবাৰ, জানুৱাৰী 18, 2022
Homeৰাষ্ট্ৰীয়শ্মশানলৈ গৈ থাকোতে ভয়ংকৰ অঘটন; ১৮ জনৰ মৃত্যু, গুৰুতৰভাবে আহত ৫

শ্মশানলৈ গৈ থাকোতে ভয়ংকৰ অঘটন; ১৮ জনৰ মৃত্যু, গুৰুতৰভাবে আহত ৫

ডিজিটেল ডেস্কঃ শ্মশানলৈ গৈ থাকোতে ১৮জনকৈ লোকে হেৰুৱালে প্ৰাণ। শনিবাৰে নিশা পশ্চিমবংগৰ নাদিয়া জিলাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১৮ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লয় আৰু আন পাঁচজন গুৰুতৰভাৱে আহত হয়। উত্তৰ ২৪ পৰগণাৰ বাগদাৰ পৰা প্ৰায় ২৫জন লোকে এখন বাহনত মৃতদেহ লৈ নৱদ্বীপ শ্মশানলৈ গৈ আছিল।

মৃতদেহ কঢ়িওৱা বাহনখনে পথৰ কাষত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে। ফলত কৰুণ মৃত্যুক সাবটি লয় ১৮জনকৈ লোকে। হাঞ্চখালি আৰক্ষী থানা অঞ্চলৰ ফুলবাৰীত সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা। আৰক্ষীয়ে জনোৱা অনুসৰি, ঘন কুঁৱলী আৰু বাহনখনৰ দ্ৰুত গতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয়। আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ নাদিয়া জিলাতে এই কৰুণ ঘটনাই পেলাইছে গভীৰ শোকৰ ছাঁ

আৰু পঢ়কঃ দৰিদ্ৰ ৰাণী কেনেকৈ হ’ল হকী সাম্ৰাজ্যৰ ৰাণী? পঢ়ক এক সংগ্ৰামী কাহিনী

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular