spot_img
15.6 C
Guwahati
15.6 C
Guwahati
বৃহস্পতিবাৰ, জানুৱাৰী 20, 2022
Homeআঞ্চলিকপঞ্জাব নেশ্যনেল বেংকৰ ১৮জন কৰ্মচাৰী আক্ৰান্ত কৰ’নাত

পঞ্জাব নেশ্যনেল বেংকৰ ১৮জন কৰ্মচাৰী আক্ৰান্ত কৰ’নাত

ডিজিটেল ডেস্ক : ক’ভিডৰ তৃতীয় ঢৌৱে ইতিমধ্যে শংকিত কৰিছে ৰাজ্যবাসীক। ইয়াৰ মাজতে সকলো প্ৰকাৰে সাজু হৈ উঠিছে ৰাজ্য চৰকাৰৰ লগতে স্বাস্থ্য বিভাগ। প্ৰায় ৭মাহৰ পাছত দেশত আকৌ জটিল ৰূপ ধাৰণ কৰিছে ক’ভিড পৰিস্থিতিয়ে। কাৰণ বিগত ২৪ ঘণ্টাত দেশত দ্ৰুতহাৰত বৃদ্ধি পাইছে ক’ভিডৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা।

উল্লেখ্য যে, বিশেষজ্ঞৰ আশংকা সত্য প্ৰমাণিত কৰি মাত্ৰ ৮দিন পূৰ্বে দেশত দৈনিক কৰ’নাত আক্ৰান্তৰ সংখ্যা আছিল ১০ হাজাৰ। কিন্তু বিগত ২৪ ঘণ্টাত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে লাখৰ ঘৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বৰ্তমান দেশত মুঠ কৰ’নাত আক্ৰান্ত সংখ্যা বৃদ্ধি হৈ ৩ কোটি ৫২ লাখ ২৬ হাজাৰ ৩৮৬জন হ’লগৈ।

আনহাতে, অসমতো বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাটত ক’ভিডৰ তৃতীয় টৌ ক্ৰমাৎ বৃদ্ধি পাইছে। পূৰ্বে যোৰহাটত প্ৰতিদিনে দুই-তিনিজনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছিল যদিও যোৱা এসপ্তাহ জিলাখনত ক্ৰমান্বয়ে বৃদ্ধি হৈছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বুধবাৰে জিলাখনত মুঠ ২৫জন আক্ৰান্ত হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে আক্ৰান্তৰ সংখ্যা ৫৬জনলৈ বৃদ্ধি হয়।

ইফালে, যোৰহাট নগৰৰ বাপুপতিৰ পঞ্জাব নেশ্যনেল বেংকত বৃহস্পতিবাৰে ১৮জন ব্যক্তিৰ দেহত ক’ভিডৰ উপস্থিতি পোৱা গৈছে। স্বাস্থ্যপৰীক্ষাত বেংকটোৰ মুঠ ৫০জন বিষয়া-কৰ্মচাৰীৰ ভিতৰত ১৮জনৰ দেহত ক’ভিড১৯-ৰ অৱস্থিতি ধৰা পৰে। বেংকটো ইতিমধ্যে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular