spot_img
24.8 C
Guwahati
Friday, September 24, 2021
spot_img
Homeআঞ্চলিকব্ৰহ্মপুত্ৰত নাও বুৰি ২ যুৱকৰ মৃত্যু ; কথমপি প্ৰাণৰক্ষা আন ৪জনৰ

ব্ৰহ্মপুত্ৰত নাও বুৰি ২ যুৱকৰ মৃত্যু ; কথমপি প্ৰাণৰক্ষা আন ৪জনৰ

ঢকুৱাখনা : ঢকুৱাখনাত ভয়ংকৰ নাও দুৰ্ঘটনা৷ বুধবাৰে সন্ধিয়া সংঘটিত হোৱা এই দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু হয়৷ ঢকুৱাখনা থানাৰ অন্তৰ্গত মাতমৰাত ব্ৰহ্মপুত্ৰৰ বুকুত সংঘটিত হয় এই নাও দুৰ্ঘটনা৷ এখন হাত নাও ব্ৰহ্মপুত্ৰৰ বুকুত দুৰ্ঘটনাত পতিত হোৱাত মৃত্যু হয় দুজন যুৱকৰ৷

মৃত যুৱক দুজন ক্ৰমে পংকজ দলে আৰু ৰামদেৱ দলে৷ দুৰ্ঘটনাটো সংঘটিত হোৱা সময়ত নাওখনত মুঠ ৬জন যুৱক আছিল৷ ইয়াৰে চাৰিজন যুৱকে সাঁতুৰি জীৱন বচাবলৈ সক্ষম হয়৷ উল্লেখ্য যে, যুৱককেইজনে নাও লৈ ব্ৰহ্মপুত্ৰৰ এটা চাপৰিত বালিভোজ খাই আহোঁতেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে জনাইছে৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Today's Weather

Guwahati
overcast clouds
24.8 ° C
24.8 °
24.8 °
96 %
0.9kmh
89 %
Fri
33 °
Sat
33 °
Sun
33 °
Mon
32 °
Tue
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular