spot_img
30 C
Guwahati
30 C
Guwahati
শুক্ৰবাৰ, অক্টোবৰ 22, 2021
Homeক্ৰীড়াকোহলী পুৰাণৰ নতুন সংস্কৰণ! এইবাৰ নেতৃত্ব এৰিব আৰচিবিৰ

কোহলী পুৰাণৰ নতুন সংস্কৰণ! এইবাৰ নেতৃত্ব এৰিব আৰচিবিৰ

নতুন দিল্লীঃ কালদোষ আঁতৰা নাই কিং কোহলীৰ| প্ৰিয় তাৰকাগৰাকীৰ এটাৰ পাছত এটা আকস্মিক খবৰে আহত কৰিছে কোহলী অনুৰাগীক| টি-২০ বিশ্বকাপৰ শেহতীয়া সংস্কৰণটোৰ পাছতে অধিনায়ক পদ ত্যাগ কৰিব কিং কোহলীয়ে। কেইদিনমান পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে আনুষ্ঠানিকভাৱে এই ঘোষণা কৰিছে। কোহলীৰ বিদায়ৰ লগে লগে প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়েও বিশ্বকাপৰ পাছত মুখ্য প্ৰশিক্ষকৰ গাদী এৰিব। কোহলীয়ে অধিনায়ক পদ ত্যাগ কৰাৰ আলোচনা,উত্তেজনা মাৰ নাযাওতেই ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাত আই পি এলৰ পৰাও অধিনায়ক পদ ত্যাগ কৰিব বুলি প্ৰকাশ পাইছে।

অৱশ্যে,কোহলীয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত আছে। কিন্তু বিৰাট কোহলীৰ কেৰিয়াৰৰ আৰম্ভণিৰ প্ৰশিক্ষক ৰাজকুমাৰ শৰ্মাই আই পি এলৰ শেহতীয়া সংস্কৰণটোৰ পাছতে ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ নেতৃত্ব এৰিব ৰান মেচিনে। ৰান ৰেটত অধিক মনোনিৱেশ কৰাৰ উদ্দেশ্য কোহলীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও শৰ্মাই কয়। ইণ্ডিয়া নিউজ স্পৰ্টছক দিয়া এক সাক্ষাতকাৰত ৰাজকুমাৰ শৰ্মাই কয়, ‘যদি আই পি এলৰ কথা আহে, মই ভাবো এটা সময়ত তেওঁ অধিনায়ক পদ ত্যাগ কৰিব আৰু বেংগালুৰুৰ হৈ কেবল বেটছমেন হিচাপেহে খেলিব। এইটো কোহলীৰ যোগাত্মক দিশ।‘

এটাও মূল্যবান আইচিচি ট্ৰফী জিকিব নোৱাৰা বাবে কোহলীক ট্ৰ’ল কৰিছে একাংশই। ইয়াৰ বিপৰীতে একাংশই থিয় দিছে কোহলীৰ পক্ষত। আইচিচি টুৰ্ণামেণ্ট জিকিব নোৱাৰাটো কোনো ডাঙৰ দাগ নহয়। ট্ৰফীৰ পৰিৱৰ্তে যদি কোহলীৰ ৰান ৰেকৰ্ড লক্ষ্য কৰা যায় তেন্তে তেওঁ তিনিওটা ফৰ্মেটৰ আটাইতকৈ সফল অধিনায়কসকলৰ ভিতৰত অন্যতম এজন। গতিকে, আইচিচি ট্ৰফী জিকিলেই এজন অধিনায়কৰ গুণগত মান বিচাৰ কৰিব নোৱাৰি বুলিও প্ৰশিক্ষকগৰাকীয়ে মন্তব্য কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Watch latest Movies & TV Series on Prag Play

Most Popular