ভূমিকম্পৰ প্ৰবল জোকাৰণি!২০ জনৰ মৃত্যু; ক’ত?

0
1288
ভূমিকম্প
ভূমিকম্পৰ প্ৰবল জোকাৰণি!২০ জনৰ মৃত্যু; ক’ত?

ডিজিটেল ডেস্কঃ ভূমিকম্পৰ প্ৰবল জোকাৰণিয়ে কঁপাই গল পাকিস্তানক৷ বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় ৩ মান বজাত দক্ষিণ পাকিস্তানত এই ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয়।

ভূমিকম্পৰ ফলত কমেও ২০ জন লোকৰ মৃত্যু হয়। প্ৰায় শতাধিক লোক গুৰুতৰভাবে আহত হৈছে৷ মৃত্যুৰ সংখ্যা আৰু অধিক বৃদ্ধি হোৱাৰ সম্ভাৱনা। ভূমিকম্পৰ প্ৰাৱল্য আছিল ৰিখটাৰ স্কেলত ৫.৭৷ ভূমিকম্পৰ ফলত যথেষ্ট ক্ষয়-ক্ষতি‌ৰ আশংকা কৰা হৈছে৷ বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে।