আইচিইউতো সুৰক্ষিত নহয় নাৰী! যৌন নিৰ্যাতনৰ জঘন্য ঘটনা পোহৰলৈ

গুৰগাঁও : আইচিইউতো সুৰক্ষিত নহয় নাৰী। শেহতীয়াকৈ সংঘটিত হোৱা এটা জঘন্য ঘটনাই এই কথাকে যেন পুনৰ প্ৰতীয়মান কৰিলে। দিল্লীৰ সমীপৰ গুৰুগ্ৰামত থকা ‘ফ’ৰ্টিজ হাস্পতাল’ৰ আইচিইউত চিকিৎসাধীন এগৰাকী ২১ বছৰীয়া যুৱতী এইবাৰ যৌন নিৰ্যাতনৰ বলি হৈছে।

আৰু পঢ়িব পাৰিব :চিৰাঙৰ ৰুণিখাতাত বৃহৎ পৰিমাণৰ অস্ত্ৰভাণ্ডাৰ উদ্ধাৰ

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, টিবি আক্ৰান্ত হৈ হাস্পতালখনৰ আইচিইউত চিকিৎসাধীন হৈ থকা যুৱতীগৰাকীৰ ওপৰত যোৱা সপ্তাহত চলোৱা হয় যৌন নিৰ্যাতন। যোৱা ছটা দিনে আইচিইউত সংজ্ঞাহীন হৈ থকাৰ পাছত জ্ঞান ঘূৰাই পোৱা যুৱতীগৰাকীয়ে তেওঁৰ পিতৃক এই বিষয়ে অৱগত কৰে।

আৰু পঢ়িব পাৰিব :শিৱসাগৰত স্থাপন হ’ব আইকনিক চিটী মিউজিয়াম

উল্লেখ্য যে, ২১ অক্টোবৰত যুৱতীগৰাকীক হাস্পতালত ভৰ্তি কৰোঁৱা হৈছিল আৰু তাৰ পাছত শ্বাসজনিত সমস্যাৰ বাবে তেওঁক ভেণ্টিলেটৰ ছাপ’ৰ্টত ৰখা হয়। তেনে সময়তে বিকাশ নামৰ হাস্পতালৰ কৰ্মচাৰী এজনে যুৱতীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলায়। বিকাশৰ নাম নিৰ্যাতিতা যুৱতীগৰাকীয়ে প্ৰকাশ কৰিছে। আৰক্ষীয়ে ঘটনা সম্পৰ্কত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

Show More

Related Articles

Back to top button