Google search engine
30 C
Guwahati
Tuesday, July 27, 2021
Google search engine
Homeআঞ্চলিকৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰেপৰা বৰ্তমানলৈ জব্দ ২৪.৫০ কোটি নগদ ধন

ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰেপৰা বৰ্তমানলৈ জব্দ ২৪.৫০ কোটি নগদ ধন

গুৱাহাটীঃ ১ এপ্ৰিলত অনুষ্ঠিত হ’ব অসম বিধানসভা নিৰ্বাচনৰ ২য় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া। ৰাজ্যৰ ৩৯টা সমষ্টিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ৷ মুঠ ১০,৫৯২টা ভোটকেন্দ্ৰৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে। ৪২,৩৬৮গৰাকী নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে ভোটকেন্দ্ৰসমূহত। ৩১০টা কোম্পানী আৰক্ষী আৰু পেৰামিলিটাৰী ফ’ৰ্চ নিয়োগ কৰা হৈছে৷ ১২জনকৈ শীৰ্ষ আৰক্ষীৰ নিৰীক্ষণত থাকিব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটো।

আৰু পঢ়িব পাৰিব : ডুমডুমাত ভয়ংকৰ পথ দুৰ্ঘটনাঃ কংগ্ৰেছী নেতাৰ মৃত্যু

৫০ শতাংশ ভোটকেন্দ্ৰত থাকিব চিচিটিভিৰ ব্যৱস্থা। সেই চিচিটিভিসমূহ LIVE STREAMINGৰ জৰিয়তে নিৰীক্ষণ কৰিব নিৰ্বাচনী আয়োগে। প্ৰতিটো ভোটকেন্দ্ৰত এজন কনিষ্টবল আৰু এজন গৃহৰক্ষী জোৱান থাকিব। ইয়াৰ উপৰি SST, FST Sector officer, Zonal officer থাকিব৷ সমান্তৰালভাৱে বিশেষ পেট্ৰ’লিঙৰ ব্যৱস্থা থাকিব প্ৰতিটো ভোটকেন্দ্ৰত।

আৰু পঢ়িব পাৰিব : “বিগত ৫বছৰত অসমত কোনোধৰণৰ আন্দোলন হোৱা নাই” : অমিত শ্বাহ

৮০৭জন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ নিৰীক্ষণত থাকিব ভোটকেন্দ্ৰসমূহ৷ নিৰ্বাচনী আচৰণ বিধি বলবৎ হোৱাৰ পৰা এতিয়ালৈ ২৪.৫০ কোটি নগদ ধন উদ্ধাৰ হৈছে৷ জব্দ হৈছে ৫০টা পিষ্টল, ৮৭৭জাই গুলী, ১২টা মেগজিন, বিস্ফোৰক সামগ্ৰী ১কিঃগ্ৰাঃ, এটা গ্ৰেনেড, ডিটেনেটৰ- ১টা, বোমা – ২টা জব্দ কৰা হৈছে।

RELATED ARTICLES

Today's Weather

Guwahati
mist
30 ° C
31.4 °
30 °
79 %
2.1kmh
75 %
Tue
29 °
Wed
30 °
Thu
33 °
Fri
26 °
Sat
32 °

Watch latest Movies & TV Series on Prag Play

Most Popular